• Home
  • »
  • News
  • »
  • crime
  • »
  • কলিয়াবৰত আৰক্ষীৰ অভিযানত কাৰ্টনে কাৰ্টনে জব্দ অবৈধ বিলাতী সুৰা, ঘৰৰ পৰাই জানে কৰিছিল অবৈধ সুৰাৰ ব্যৱসায় ...

কলিয়াবৰত আৰক্ষীৰ অভিযানত কাৰ্টনে কাৰ্টনে জব্দ অবৈধ বিলাতী সুৰা, ঘৰৰ পৰাই জানে কৰিছিল অবৈধ সুৰাৰ ব্যৱসায় ...

আৰক্ষীৰ অভিযানত উলুৱনী গাঁৱৰ বিশ্বজিৎ লাঙী ওৰফে জান নামৰ অবৈধ সুৰা ব্যৱসায়ীৰ বাসগৃহৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ সুৰা।

  • Share this:
কলিয়াবৰত আৰক্ষীৰ অভিযানত কাৰ্টনে কাৰ্টনে জব্দ বিলাতী সুৰা। কলিয়াবৰৰ গ্ৰামাঞ্চলত এতিয়া সুলভ হৈ পৰিছ সুৰাৰ অবৈধ  বেহা।

বুধবাৰে বিয়লি উলুৱনি আৰক্ষী আৰু চুলুং আৰক্ষীৰ যৌথ অভিযানত জব্দ হয় বুজন পৰিমাণৰ বিলাতী সুৰা। আৰক্ষীৰ অভিযানত উলুৱনী গাঁৱৰ বিশ্বজিৎ লাঙী ওৰফে জান নামৰ অবৈধ সুৰা ব্যৱসায়ীৰ বাসগৃহৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ সুৰা। আৰক্ষীৰ অভিযানৰ উমান লাভ কৰি পলায়ন কৰে সুৰা ব্যৱসায়ী বিশ্বজিৎ লাঙী ওৰফে জানে। লক্ষাধিক টকাৰ বিলাতী সুৰাৰ কাৰ্টন জব্দ কৰে অভিযানকাৰী আৰক্ষীৰ দলটোৱে।

আৱকাৰী বিভাগৰ নিৰৱ ভূমিকাৰ সুযোগ লৈ বিগত বহু বছৰ ধৰি উলুৱনি গাঁৱৰ নিজা বাসগৃহৰ পৰা অবৈধভাৱে সুৰাৰ পাইকাৰী ব্যৱসায় চলাই আহিছে বিশ্বজিৎ লাঙী ওৰফে জানে। পূৰ্বেও কেইবাবাৰো আৰক্ষীয়ে আটক কৰিছিল অবৈধ সুৰা বেপাৰী বিশ্বজিৎ লাঙী ওৰফে জানক।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি