• Home
  • »
  • News
  • »
  • crime
  • »
  • 'মই দেউতাক শেষ কৰি দিলোঁ...' পিতৃক হত্যা কৰি নাবালক পুত্ৰই গাঁওবাসীক ফোনেৰে জনালে এই কথা

'মই দেউতাক শেষ কৰি দিলোঁ...' পিতৃক হত্যা কৰি নাবালক পুত্ৰই গাঁওবাসীক ফোনেৰে জনালে এই কথা

প্ৰায় তিনিবছৰ পূৰ্বে পত্নী তথা মাতৃৰ মৃত্যু হোৱাৰ পিছত পিতৃ আৰু পুত্ৰই চলাই গৈছিল ঘৰ–সংসাৰ ৷

প্ৰায় তিনিবছৰ পূৰ্বে পত্নী তথা মাতৃৰ মৃত্যু হোৱাৰ পিছত পিতৃ আৰু পুত্ৰই চলাই গৈছিল ঘৰ–সংসাৰ ৷

প্ৰায় তিনিবছৰ পূৰ্বে পত্নী তথা মাতৃৰ মৃত্যু হোৱাৰ পিছত পিতৃ আৰু পুত্ৰই চলাই গৈছিল ঘৰ–সংসাৰ ৷

  • Share this:

গোৱালপাৰা জিলাৰ ধনুভাঙা শিলডুবিত সংঘটিত হ’ল এক বৃহৎ অঘটন ৷ পুত্ৰৰ দাৰ ঘাপত কৰুণ মৃত্যুক সাৱটিলে পিতৃয়ে ৷ পাৰিবাৰিক কাজিয়াৰ ভয়ংকৰ পৰিণতি । প্ৰায় তিনিবছৰ পূৰ্বে পত্নী তথা মাতৃৰ মৃত্যু হোৱাৰ পিছত পিতৃ আৰু পুত্ৰই চলাই গৈছিল ঘৰ–সংসাৰ ৷ এটা পৰিয়ালৰ সদস্য বুলিবলৈ মাথোঁ দুজনে আছিল ৷ এতিয়া পিতৃক হত্যা কৰি পুত্ৰ আলহী হ’ল ৰঙাঘৰৰ ৷ থানবান হৈ গ’ল পিতা-পুত্ৰৰ সপোনৰ ঘৰখন ।


জানিব পৰা মতে, মৃত বাহুৰাম কছাৰী নামৰ পিতৃয়ে নিতৌ সুৰাপান কৰি ঘৰলৈ আহি বিভিন্ন অত্যাচাৰ আৰম্ভ কৰে। সেই অত্যাচাৰ কেতিয়াবা যদি পুত্ৰই সহ্য কৰিছিল, আন কেতিয়াবা আকৌ হৈছিল প্ৰচণ্ড কাজিয়া । কিন্তু আজি যি হ’ল সেয়া ছাগে পিতৃয়ে কেতিয়াও কল্পনাই কৰিব পৰা নাছিল যে পুত্ৰই এদিন নিজ হাতেৰে পিতৃৰ প্ৰাণ কাঢ়িব ৷


আন দিনৰ দৰে আজিও সুৰামত্ত পিতৃ আৰু পুত্ৰৰ মাজত সূত্ৰপাত হয় কাজিয়াৰ । এই কাজিয়া কমাৰ যেন নাম নল'লে বৰং বাঢ়িহে গ’ল, যাৰ পৰিণতিতে ঘৰত থকা এখন দা উলিয়াই আনি  উপৰ্যুপৰি পুত্ৰই আক্ৰমণ কৰে পিতৃক । নাবালক পুত্ৰৰ দাৰ ঘাপত থিতাতে প্ৰাণবায়ু উৰি যায় দুৰ্ভগীয়া পিতৃ বাহুৰাম কছাৰীৰ (৩৫) ৷


ঘৰত যিহেতু সদস্য বুলিবলৈ মাথোঁ পিতা আৰু পুত্ৰই, সেয়ে হত্যাকাৰী পুত্ৰই দেউতাকক হত্যা কৰি নিজে গাঁৱৰে এজনক ফোনযোগে জনায়– “মই দেউতাক শেষ কৰি দিলোঁ , মাৰি পেলালোঁ ৷ তাৰ পিছতে গাঁৱৰ ওচৰ–চুবুৰীয়াই সেই খবৰ লাভ কৰি ঘটনাস্থলীলৈ গৈ দেখে তেজেৰে লুতুৰি–পুতুৰি হৈ আছে ইতিমধ্যে মৃত্যু হোৱা পিতৃৰ মৃতদেহ আৰু পিতৃক হত্যা কৰা পুত্ৰ ৷ স্থানীয় ৰাইজে লগে লগে ধূপধৰা আৰক্ষীক খবৰ দিয়ে আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে হত্যাকাণ্ডত ব্যৱহৃত দাখনো জব্দ কৰে আৰক্ষীয়ে ৷


হত্যাকাৰী পুত্ৰকো গ্ৰেপ্তাৰ কৰি থানালৈ লৈ আনে আৰক্ষী ৷ উল্লেখ্য যে পুত্ৰজন হৈছে নাবালক, অৰ্থাৎ বয়স মাত্ৰ ১৭ বছৰ। অপৰাধ যিহেতু অপৰাধেই হয় সেয়ে এই নাবালক বয়সতে জন্মদাতা পিতৃৰ হত্যাৰ অপৰাধত ৰঙাঘৰৰ আলহী হ’ব লগা হ’ল পুত্ৰ ৷

Published by:Gautam Barman
First published: