এখন গণতান্ত্ৰিক দেশত Extra Judicial Killing কাৰো কাম্য নহয় । কিন্তু শাস্তি প্ৰদানত আইনৰ চূড়ান্ত ব্যৰ্থতাই আৰক্ষী আৰু সাধাৰণ মানুহক এনে হত্যাৰ প্ৰতি সমৰ্থন জনাবলৈ বাধ্য কৰি তুলিছে । ই আচলতে এখন গণতান্ত্ৰিক দেশৰ বাবে অতিশয় দুৰ্ভাগ্যজনক কথা । ১৫০ কোটি জনতাৰ দেশখনত প্ৰায় ৪ কোটি pending Case আছে । ইয়াৰ অন্যতম মুখ্য কাৰণ আদালত সমূহত বিচাৰকৰ অভাৱ । কেন্দ্ৰীয় চৰকাৰখনে এই অভাৱ দূৰ কৰি আইনৰ প্ৰতি সাধাৰণ জনতাৰ হেৰাই যোৱা বিশ্বাস পুনৰ ঘূৰাই আনিব পাৰিবনে ? নে আমি সদায়েই Extra Judicial Killing ত উৎফুল্লিত হৈ চৰকাৰ, আৰক্ষীক ধন্যবাদ দি যাব লাগিব ।
পুৱতি নিশা ক’লা ল’ৰা আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ লওতে আৰক্ষীৰ গাড়ীয়ে দুৰ্ঘটনাবশতঃ খুন্দিয়াই মৰাৰ বাতৰিক লৈ ছচিয়েল মিডিয়াত সৰহ ৰাইজৰে উল্লাস। একাংশই আৰক্ষীৰ ‘তাৎক্ষণিক ন্যায়’ প্ৰদানৰ অভিপ্ৰায়ক ধৰি সমালোচনা কৰিলেও ছচিয়েল মিডিয়াত অধিকাংশ ৰাইজে আৰক্ষীৰ জিম্মাত মৃত্যু বা বিভিন্ন সময়ত বিতৰ্কিত এনকাউণ্টাৰকো মুক্তমনেৰে সমৰ্থন কৰা দেখা গৈছে। এয়া যেন সততে পৈশাচিক কাণ্ডবোৰৰ অভিযুক্তই উচিত শাস্তি সময়মতে নোপোৱাক লৈ ৰাইজৰ যি ক্ষোভ তাৰ উদ্গীৰণ! প্ৰচলিতা আইনী ব্যৱস্থাৰ প্ৰতি একপ্ৰকাৰৰ আস্থাহীনতাৰ পৰিৱেশ সৃষ্টি হৈছে। ইয়াৰ কাৰণো জটিল নহয়। আন অপৰাধৰ কথা বাদেই কাৰ্বি–আলঙত নীল–অভিৰ বৰ্বৰ হত্যাকাণ্ডৰ পৰা প্ৰায় প্ৰতি বছৰে ‘মব লিঞ্চিং’ৰ ঘটনাই অসম জোকাৰি থকা দেখা গৈছে কিন্তু দুৰ্ভাগ্যৱশতঃ আজিকোপতি এটাও দুৰ্ভগীয়া পৰিয়ালে উচিত ন্যায়ৰ বাবে অপেক্ষা কৰি থকা দেখা যায়। নীল–অভিৰ বৰ্বৰ হত্যাকাণ্ডৰ ভিডিও ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল। দেশজুৰি প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছিল কিন্তু আজি তিনি বছৰ পাৰ হোৱাৰ পিছতো কোনো ৰায়দান নহ’ল। কেৱল যোৰহাট জিলাতে শেহতীয়া তিনি বছৰত তিনিটা ‘মব লিঞ্চিঙ’ৰ ঘটনা হৈছে। ২০১৯ত ডাঃ দেৱেন দত্তৰ হত্যা, ২০২০ত দেৱাশীষ গগৈৰ হত্যাকাৰী ফাঁচীকাঠত ওলমাৰ অপেক্ষা এতিয়াও অব্যাহত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|