মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»Ganja seized : গোসাঁইঘৰত লুকুৱাই থৈছিল বৃহৎ পৰিমাণৰ গাঞ্জা । সহ্য নহল ভগৱানৰ , অৱশেষত ৰঙাঘৰৰ আলহী হ'ল গাঞ্জা ব্যৱসায়ী।

Ganja seized : গোসাঁইঘৰত লুকুৱাই থৈছিল বৃহৎ পৰিমাণৰ গাঞ্জা । সহ্য নহল ভগৱানৰ , অৱশেষত ৰঙাঘৰৰ আলহী হ'ল গাঞ্জা ব্যৱসায়ী।

News18 Assam | News18-Assam
Updated:June 25, 2021, 7:11 AM IST
Ganja seized : গোসাঁইঘৰত লুকুৱাই থৈছিল বৃহৎ পৰিমাণৰ গাঞ্জা । সহ্য নহল ভগৱানৰ , অৱশেষত ৰঙাঘৰৰ আলহী হ'ল গাঞ্জা ব্যৱসায়ী।
আৰক্ষীয়ে ৪০কেজি গাঞ্জা উদ্ধাৰ কৰাৰ লগতে এজন গাঞ্জা ব্যৱসায়ীক আটক কৰিছে ।

আৰক্ষীয়ে ৪০কেজি গাঞ্জা উদ্ধাৰ কৰাৰ লগতে এজন গাঞ্জা ব্যৱসায়ীক আটক কৰিছে ।

  • Share this:
অসম আৰক্ষীয়ে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ধাৰাবাহিক ভাৱে কঠোৰ অভিযান আৰম্ভ কৰাৰ পিছত নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায়ীসকলে নিতৌ ন ন কৌশল ব্যৱহাৰ কৰিছে । কিন্তু আৰক্ষীৰ চকুত ধুলি দিবলৈ সক্ষম হোৱা নাই এইসকল চতুৰ ব্যৱসায়ী ।এইবাৰ নিষিদ্ধ সামগ্ৰী লুকুৱাবলৈ যোৰহাটত এজন ব্যৱসায়ী শৰণাপন্ন হৈছিল ভগৱানৰ উপসনা থলীৰ । কিন্তু তাতো আৰক্ষীয়ে চলালে অভিযান আৰু উদ্ধাৰ কৰিলে বৃহৎ পৰিমাণৰ গাঞ্জা ।

এই ঘটনা সঙঘটিত হৈছে যোৰহাট পুলিবৰ থানাৰ অন্তৰ্গত পশ্চিম যোৰহাটৰ চকলানী পথাৰ অঞ্চলত ‌। অঞ্চলটোত বৃহস্পতিবাৰে নিশা অভিযান চলাই আৰক্ষীয়ে প্ৰায় ৪০ কেজি গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে এজন গাঞ্জা ব্যৱসায়ীক আটক কৰিছে ।

বিশেষ সূত্ৰৰ পম খেদি পুলিবৰ আৰক্ষীয়ে পশ্চিম যোৰহাটৰ চকলানী পথাৰৰ ৰাজেশ সৰকাৰ নামৰ লোকজনৰ গোঁসাই ঘৰত কৌশলেৰে লুকুৱাই থোৱা অৱস্থাত জব্দ কৰে গাঞ্জাখিনি । পুলিবৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৌৰৱ চুতীয়াৰ নেতৃত্বত চলিছিল এই অভিযান ।  দীৰ্ঘদিন ধৰি ৰাজেশে অঞ্চলটোত গাঞ্জাৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল। অৱশেষত পুলিবৰ আৰক্ষীয়ে ৰাজেশ চৰকাৰক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে।
Published by: Manjumoni Borah
First published: June 25, 2021, 7:08 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি