• Home
  • »
  • News
  • »
  • crime
  • »
  • ATM Fraud Gang: যোৰহাট আৰক্ষীৰ জালত পৰিল ATM কাৰ্ড প্ৰৱঞ্চক চক্ৰৰ বৃহৎ দল; হাৰিয়ানাৰ পৰা আহি অসমত চলাইছিল লুটপাত

ATM Fraud Gang: যোৰহাট আৰক্ষীৰ জালত পৰিল ATM কাৰ্ড প্ৰৱঞ্চক চক্ৰৰ বৃহৎ দল; হাৰিয়ানাৰ পৰা আহি অসমত চলাইছিল লুটপাত

ATM Fraud Gang: এই দলটোৱে যোৰহাটৰ লগতে নলবাৰী, শোণিতপুৰ, গোলাঘাট আৰু শিৱসাগৰত লুটপাত চলাবৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিছিল।

ATM Fraud Gang: এই দলটোৱে যোৰহাটৰ লগতে নলবাৰী, শোণিতপুৰ, গোলাঘাট আৰু শিৱসাগৰত লুটপাত চলাবৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিছিল।

ATM Fraud Gang: এই দলটোৱে যোৰহাটৰ লগতে নলবাৰী, শোণিতপুৰ, গোলাঘাট আৰু শিৱসাগৰত লুটপাত চলাবৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিছিল।

  • Share this:
বিভিন্ন লোকৰ পৰা কৌশলেৰে ATM কাৰ্ড সৰকাই লৈ বেঙ্ক একাউন্টৰ পৰা ধন লুটি নিয়া বহি:ৰাজ্যৰ এটা বৃহৎ অপৰাধী চক্ৰ যোৰহাট (Jorhat) আৰক্ষীৰ জালত পৰিছে। এই দলটোৱে অসমৰ পাঁচখন জিলাত ধন লুটৰ লক্ষ্যৰে বাহৰ পাতি অভিযান অব্যাহত ৰাখিছিল ।

এটিম কাৰ্ড (ATM Card) চুৰি কৰি কৌশলেৰে বেঙ্ক একাউণ্টত লুটপাত চলোৱা বহি:ৰাজ্যৰ এই কুখ্যাত অপৰাধী দলটোক বোকাখাটৰ পৰা গ্ৰেপ্তাৰ কৰে যোৰহাট আৰক্ষীয়ে । হাৰিয়ানা (Haryana)ৰ হিচাৰৰ পৰা অসমলৈ আহি ATMত লুটপাতৰ জাল পেলাইছিল এই অপৰাধী চক্ৰটোৱে । বোকাখাটৰ লকচা টুৰিষ্ট লজত বাহৰ পাতি থকা এই গেঙটোৰ চাৰিজন সদস্য ক্ৰমে দছন, চনু সিং, সন্দিপ কুমাৰ আৰু সত্যবন নামৰ অপৰাধীকেইটাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । এই গেঙটোৰ পৰা আৰক্ষীয়ে AS-01-BG-2296 নম্বৰৰ এখন গাড়ী জব্দ কৰাৰ লগতে 40 খন এটিএম কাৰ্ড, দুটা POS মেছিন, 6টা মোবাইল ফোন আৰু এটা গ'ল্ড কইন উদ্ধাৰ কৰিছে ।

যোৱা 9 জুলাইত যোৰহাট নগৰৰ বৰপুলৰ এটা এটিএমত এগৰাকী বৰ্ষিয়ান লোকক কৰা প্ৰৱঞ্চনাৰ ঘটনাৰ পম খেদি যোৰহাট আৰক্ষীয়ে বহি:ৰাজ্যৰ এই দূৰ্ধৰ্ষ প্ৰৱঞ্চক দলটোক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । উল্লেখ্য, এই দলটোৱে যোৰহাটৰ লগতে নলবাৰী, শোণিতপুৰ, গোলাঘাট আৰু শিৱসাগৰত লুটপাত চলাবৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিছিল। এই দলটোৰ সৈতে আৰু ব্যক্তি জড়িত থকাৰ সন্দেহ ব্যক্ত কৰিছে আৰক্ষীয়ে।

এই দলটোৰ পৰা ৰাজ্যৰ বিভিন্ন স্থানত ইতিপূৰ্বে সংঘটিত এনেধৰণৰ প্ৰৱঞ্চনাৰ ঘটনাসমূহৰ সন্দৰ্ভত অধিক তথ্য আহৰণৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি