உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • Jorhat Encounter : বছৰৰ শেষৰ দিনটোত যোৰহাট আৰক্ষীৰ এনকাউণ্টাৰ, আৰক্ষীৰ গুলীচালনাত গুৰুতৰভাৱে আহত পচা

    Jorhat Encounter : বছৰৰ শেষৰ দিনটোত যোৰহাট আৰক্ষীৰ এনকাউণ্টাৰ, আৰক্ষীৰ গুলীচালনাত গুৰুতৰভাৱে আহত পচা

    যোৰহাটত পচাৰ এনকাউণ্টাৰ

    যোৰহাটত পচাৰ এনকাউণ্টাৰ

    Jorhat Encounter : ধুবুৰীত আটক কৰি যোৰহাটলৈ আনি থকা অৱস্থাত প্ৰস্ৰাৱ কৰাৰ কৌশলেৰে পলাবলৈ চেষ্টা কৰোতেই পচাৰ ভৰিলৈ গুলীচালনা কৰাত গুলীবিদ্ধ হয় পচা ।

    • Share this:
    2021 বৰ্ষৰ শেষৰ দিনটোত গৰজি উঠিল যোৰহাট সদৰ আৰক্ষীৰ পিষ্টল । অৱশেষত যোৰহাট আৰক্ষীৰ গুলীচালনাত গুৰুতৰ ভাৱে আহত হ'ল যোৰহাট নগৰৰ হৰিজন কলনীৰ কুখ্যাত পচা ওৰফে ৰমেশ বাচফৰ । হৰিজন কলনীত দীৰ্ঘদিন ধৰি মদ, জুৱা, নিচাজাতীয় সামগ্ৰীৰ আড্ডা চলাই অহাৰ গুৰুতৰ অভিযোগ থকা পচা ওৰফে ৰমেশ বাছফৰ কৌশলেৰে আৰক্ষীৰ বেহু ফালি পলাই যাবলৈ চেষ্টা কৰা অৱস্থাত যোৰহাটৰ পানীচকুৱা অঞ্চলত আৰক্ষীৰ গুলীচালনাত গুৰুতৰ ভাৱে আহত হয় শুক্ৰবাৰৰ নিশা প্ৰায় আঢ়ৈ বজাত ।

    পচা ওৰফে ৰমেশ বাচফৰক বিশেষ সূত্ৰৰ পম খেদি যোৰহাট আৰক্ষীৰ এটি দলে ধুবুৰীৰ ব্ৰহ্মপুত্ৰ লজৰ পৰা বৃহস্পতিবাৰৰ দুপৰীয়া আটক কৰিছিল । ইয়াৰ পিছতে যোৰহাটলৈ আনি থকা অৱস্থাত আৰক্ষীৰ জিম্মাৰ পৰা প্ৰস্ৰাৱ কৰাৰ কৌশলেৰে হঠাৎ পলাবলৈ চেষ্টা কৰে পচাই । কিন্তু  আৰক্ষীয়ে লগে লগে পলাবলৈ চেষ্টা কৰা পচাৰ ভৰিলৈ গুলীচালনা কৰাত গুলীবিদ্ধ হয় পচা ।

    "মই কিছু নিচাসক্ত হৈ আছিলো । প্ৰস্ৰাৱ কৰিবলৈ যাওতে মই ভুল কৰি পেলালো । মই পলাবলৈ চেষ্টা কৰিব নেলাগিছিল ! ধুবুৰীলৈ মই পাবলৈ থকা কিছু টকা আনিবলৈহে গৈছিলো।" পচা ওৰফে ৰমেশ বাচফৰে এনেদৰে কয় ।

    উল্লেখ্য পচাক কেন্দ্ৰ কৰি বিগত প্ৰায় তিনিমাহ ধৰি উত্তেজনাপূৰ্ণ হৈ আছিল অঞ্চলটোৰ পৰিৱেশ । আনহাতে এই গুলীচালনা সন্দৰ্ভত যোৰহাটৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে কয় যে পচাক কৰায়ত্ত কৰি যোৰহাটলৈ আনি থকা অৱস্থাত পানীচকুৱা অঞ্চলত পচা প্ৰস্ৰাৱ কৰিবলৈ গাড়ীৰ পৰা নামে । কিন্তু আন্ধাৰৰ সুযোগ লৈ পচাই হঠাৎ দৌৰি পলাবলৈ চেষ্টা কৰে । সেই মুহূৰ্ততে এএছআই প্ৰদীপ শইকীয়াই পচাক পুনৰ কৰায়ত্ত কৰিবলৈ গুলীচালনা কৰাত পচাৰ ভৰিত গুলী লাগে বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে ।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

    ইয়াৰ পিছতে ভৰিত আঘাতপ্ৰাপ্ত পচাক চিকিৎসাৰ বাবে জেএমচিএইছত ভৰ্ত্তি কৰা হয় ।
    Published by:Manjumoni Borah
    First published: