ফান এপ (FAN AAP) নামৰ ম'বাইল এপৰ জড়িয়তে বিদেশৰ কোনো পোনপটীয়াকৈ সম্প্ৰচাৰ হৈ থকা খেলৰ নামত জুৱা। ফান এপ (FAN AAP) নামৰ ম'বাইল এপৰ জড়িয়তে বিদেশৰ কোনো পোনপটীয়াকৈ সম্প্ৰচাৰ হৈ থকা খেলৰ নামত জুৱা। যোৰহাটত এইবাৰ আই পি এল সদৃশ খেলৰ নামত বৃহৎ জুৱা। লাহদৈগড় আৰক্ষীৰ জালত পৰিছে তিনিটাকৈ এজেণ্ট। লাহদৈগড় আৰক্ষীৰ অভিযানত মেলেং মধুপুৰৰ পৰা দিপু দাস, অচিন্ত বৰাৰ লগতে আৰু এজন এজেণ্ট পৰিছে আৰক্ষীৰ জালত। আটকাধীন এজেণ্টৰ পৰা এটুকুৰা হাতীৰ দাঁত, তিনিটা জুৱা খেলত ব্যৱহৃত ম'বাইল ফোন আৰু ১৮ হাজাৰ ৩৩০ টকা নগদ ধন জব্দ কৰিছে।
ফান এপ (FAN AAP) নামৰ এটা ম'বাইল এপৰ জড়িয়তে বিদেশৰ কোনো পোনপটীয়াকৈ সম্প্ৰচাৰ হৈ থকা খেলৰ নামত এই জুৱা চলি আছে বুলি সদৰী কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ মতে অসমৰ বিভিন্ন নগৰ-চহৰ, গাঁৱে-ভূঞে শিপাইছে এই জুৱা।
ইতিমধ্যে আৰক্ষীয়ে ৩৫৪/২১ নম্বৰত গোচৰ ৰুজু কৰিছে। ধৃত তিনিওকে আদালতত হাজিৰ কৰাই অধিক তদন্তৰ বাবে দুজনক আৰক্ষীৰ জিন্মাত লোৱা বুলি জানিব পৰা গৈছে।
Published by: Manjumoni Borah
First published: June 03, 2021, 14:27 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|