যোৰহাটত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । সোমবাৰে নিশা যোৰহাট আৰক্ষীৰ এটি দলে অভিযান চলাই নগৰৰ সমীপৰ টোকলাই তৰুণ নগৰৰ এটা বাসগৃহৰ পৰা ড্ৰাগছ ভৰ্তি ছটা চাবোনৰ বাকচ জব্দ কৰিবলৈ সক্ষম হয় ।
চাবোনৰ বাকচবোৰত লুকুৱাই ৰখা অৱস্থাত প্ৰায় ৬৭ গ্ৰাম সন্দেহজনক হেৰ'ইন উদ্ধাৰ কৰে আৰক্ষীৰ দলটোৱে । আৰক্ষীয়ে নগদ ১ লাখ ১৬ হাজাৰ টকাও জব্দ কৰিছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দুজন লোকক আটক কৰিছে । টোকলাই তৰুণ নগৰৰ জমিৰুদ্দিন আহমেদ নামৰ লোকজনে ড্ৰাগছৰ ব্যৱসায় চলাই অহাৰ নিৰ্দিষ্ট খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাইছিল ।
উল্লেখ্য যে যোৰহাটত উপ আৰক্ষী অধীক্ষক (প্ৰবেশ্যনাৰ) স্মৃতিৰেখা ফুকনৰ নেতৃত্বত গঠন কৰা আৰক্ষীৰ এটা দলে ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান চলাই আহিছে ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|