মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »Jorhat News: যোৰহাটৰ ৰাজপথত নিশা ডকাইতি; বলপূৰ্বকভাৱে ধন কাঢ়ি নিয়া তিনি অভিযুক্তক আটক আৰক্ষীৰ

Jorhat News: যোৰহাটৰ ৰাজপথত নিশা ডকাইতি; বলপূৰ্বকভাৱে ধন কাঢ়ি নিয়া তিনি অভিযুক্তক আটক আৰক্ষীৰ

বাইপাছৰ সূৰ্যা পেট্ৰল পাম্পৰ সমীপত সংঘটিত হৈছে এই ঘটনা

বাইপাছৰ সূৰ্যা পেট্ৰল পাম্পৰ সমীপত সংঘটিত হৈছে এই ঘটনা

বাইপাছৰ সূৰ্যা পেট্ৰল পাম্পৰ সমীপত সংঘটিত হৈছে এই ঘটনা

  • Share this:
বুধবাৰে নিশা যোৰহাটৰ ৰাজপথত এক ডকাইতিৰ ঘটনা সংঘটিত হৈছে। বাইপাছৰ সূৰ্যা পেট্ৰল পাম্পৰ সমীপত এজন যুৱকক বাইক আৰু স্কুটিত অহা তিনিজন যুৱকে বলপূৰ্বক ভাবে ৰখাই ভাবুকি দি নগদ ধন লুটপাত কৰি নিয়ে। ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছত যোৰহাট আৰক্ষীয়ে লগে লগেই অভিযান আৰম্ভ কৰে। যোৰহাট সদৰ আৰক্ষীয়ে নিশাই এই ঘটনাত জড়িত তিনিজন যুৱকক আটক কৰাৰ লগতে এখন স্কুটি জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ধৃত যুৱককেইজনৰ পৰা নগদ ধনো উদ্ধাৰ কৰে।

আৰক্ষীয়ে নগৰৰ বহতীয়া গাওঁ , ডিগম্বৰ চুক আৰু মিলন নগৰৰ পৰা  মিন্টু দত্ত , মনজিত্‍ দাস আৰু মুন দাসক আটক কৰে। বৰ্তমান আৰক্ষীয়ে অধিক তথ্যৰ বাবে শোধপোচ অব্যাহত ৰাখিছে।

শেহতীয়া বাতৰি