உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • Jorhat Mob Lynching : যোৰহাট-গোলাঘাটত হাইএলাৰ্ট জাৰি, অভিযুক্ত আটক আৰু ঘটনা সন্দৰ্ভত জি পি সিঙৰ টুইট

    Jorhat Mob Lynching : যোৰহাট-গোলাঘাটত হাইএলাৰ্ট জাৰি, অভিযুক্ত আটক আৰু ঘটনা সন্দৰ্ভত জি পি সিঙৰ টুইট

     আছুৰ কেন্দ্ৰীয় নেতৃত্বৰ দুই নেতা যোৰহাটলৈ ৰাওনা,  নিশা ১২ বজাৰ পূৰ্বে উপস্থিত হ'ব যোৰহাটত।

    আছুৰ কেন্দ্ৰীয় নেতৃত্বৰ দুই নেতা যোৰহাটলৈ ৰাওনা, নিশা ১২ বজাৰ পূৰ্বে উপস্থিত হ'ব যোৰহাটত।

    আছুৰ কেন্দ্ৰীয় নেতৃত্বৰ দুই নেতা যোৰহাটলৈ ৰাওনা, নিশা ১২ বজাৰ পূৰ্বে উপস্থিত হ'ব যোৰহাটত।

    • Share this:

    যোৰহাটত আছু নেতাক প্ৰহাৰ কৰি মৃত্যুমুখলৈ ঠেলি দিয়া ঘটনাই জোকাৰিছে ৰাজ্য। নিৰ্মল চাৰিআলিৰ সমীপত ৰাজপথতে হত্যাকাণ্ডৰ বলি হোৱা আছু নেতা অনিমেশ ভূঞা হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে ১০গৰাকী লোকক। আৰক্ষীৰ উচ্চপদস্থ বিষয়া জি পি সিঙে এই বিষয়ে জানিবলৈ দিয়ে।





    আনহাতে আজি ঘটনাৰ খবৰ পোৱাৰ পিছতে নিশাই যোৰহাটলৈ ৰাওনা হৈছে আছুৰ কেন্দ্ৰীয় নেতা সভাপতি দিপাংক নাথ আৰু প্ৰকাশ দাস। তেওঁলোকে নিশা ১২ বজাৰ পূৰ্বে উপস্থিত হ'ব যোৰহাটত। আৰক্ষীয়ে ইতিমধ্যে যোৰহাট আৰু গোলাঘাটত হাইএলাৰ্ট জাৰি কৰিছে।


    সকলো আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিৰ্দেশনা জাৰি কৰে অসম আৰক্ষীয়ে। উল্লেখ্য, এ টি ৰোডত সোমবাৰে বিয়লি উন্মত্ত যুৱকে মৰিয়াই মৰিয়াই হত্যা কৰা আছুৰ নেতা অনিমেশ ভূঞা গোলাঘাট জিলা ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদকৰ দায়িত্বত আছিল।


     Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Gautam Barman
    First published: