• Home
  • »
  • News
  • »
  • crime
  • »
  • Murder Case: যোৰহাটৰ এখন পিতনিত উদ্ধাৰ হৈছিল মৃতদেহ, অৱশেষত যোৰহাট আৰক্ষীয়ে ফাদিল কৰিলে হত্যাকাণ্ডৰ ৰহস্য

Murder Case: যোৰহাটৰ এখন পিতনিত উদ্ধাৰ হৈছিল মৃতদেহ, অৱশেষত যোৰহাট আৰক্ষীয়ে ফাদিল কৰিলে হত্যাকাণ্ডৰ ৰহস্য

Jorhat Murder Case: প্ৰথমে সুৰাপান আৰু তাৰ পিছত কাজিয়া । বন্ধুৰ সৈতে ঘৰমুৱা হোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছিল যুৱকজন ।

Jorhat Murder Case: প্ৰথমে সুৰাপান আৰু তাৰ পিছত কাজিয়া । বন্ধুৰ সৈতে ঘৰমুৱা হোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছিল যুৱকজন ।

Jorhat Murder Case: প্ৰথমে সুৰাপান আৰু তাৰ পিছত কাজিয়া । বন্ধুৰ সৈতে ঘৰমুৱা হোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছিল যুৱকজন ।

  • Share this:
প্ৰথমে সুৰাপান আৰু তাৰ পিছত কাজিয়া । বন্ধুৰ সৈতে ঘৰমুৱা হোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছিল যুৱকজন । কেইদিনমান পিছতে এখন পিতনিত উদ্ধাৰ হৈছিল যুৱকজনৰ মৃতদেহ । যোৰহাটত সংঘটিত এই ৰহস্যজনক হত্যাকাণ্ডৰ সকলো তথ্য যোৰহাট সদৰ আৰক্ষীয়ে ফাদিল কৰাৰ লগতে শেহতীয়াকৈ মূল অভিযুক্তকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে  ।

যোৱা 25 মে'ত ঘৰৰ পৰা চুলি কটোৱাবলৈ বুলি ওলাই গৈছিল যোৰহাট মালৌআলিৰ ৰাজগুৰু গাঁৱৰ অক্ষয় বৰা নামৰ যুৱকজন । শেষ বাৰলৈ যুৱকজনক সেইদিনা সন্ধিয়া দেখা পোৱা গৈছিল সৰুচৰাই গাৱঁত । আৰু তাৰ পিছৰে পৰা হঠাৎ নিৰুদ্দেশ হৈ পৰে যুৱকজন । চাৰিদিন পিছত যোৱা 29 মে'ত যোৰহাটৰ চকলাটিং চাহ বাগিচাৰ সমীপৰ পিটনিত উদ্ধাৰ হয় অক্ষয়ৰ মৃতদেহ । বোকাত মূৰটো পোত গৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল নষ্ট হ'বলৈ ধৰা মৃতদেহটো । তাৎপৰ্যপূৰ্ণভাবে মৃত যুৱকজনৰ বাইকখন উদ্ধাৰ হৈছিল চুঙীত । এই ঘটনাই বিমোৰত পেলাইছিল তদন্তকাৰী আৰক্ষীক । কিন্তু তৎপৰতাৰে তদন্ত কৰি এই হত্যাকাণ্ডৰ মূল অভিযুক্ত বিশাল তুৰি আৰু তেৰা নামৰ যুৱক দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যোৰহাট সদৰ আৰক্ষী ।

প্ৰথম অৱস্থাত প্ৰত্যক্ষদৰ্শীৰ ভাষ্যৰ আধাৰত বলাই আৰু বগাই নামৰ দুজন যুৱকক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল । তদন্তত পিছত পোহৰলৈ আহে যে উক্ত দিনটোত সুৰাসক্ত হৈ অক্ষয়ে কাজিয়াত লিপ্ত হৈছিল । তাৰ পিছতে বিশাল আৰু তেৰাৰ লগত একেখন বাইকতে তিনিও গৈছিল চকলাটিঙৰ দিশলৈ । তাত পুনৰ অক্ষয়ৰ সৈতে বিশাল আৰু তেৰা কাজিয়াত লিপ্ত হয় । কাজিয়াই মাৰপিটৰ ৰূপ লয় । আৰু তাৰ পিছতে মৃত্যু হয় অক্ষয়ৰ । এই ঘটনাক অন্য ৰূপ দিবলৈ বাইকখন নিলগৰ চুঙীত পেলাই থৈ অহা হৈছিল ।

"এই হত্যাকাণ্ডক লৈ প্ৰথমে আমি বিমোৰত পৰিছিলোঁ । বলাই আৰু বগাই নামৰ দুজন যুৱকক প্ৰথমে গ্ৰেপ্তাৰ কৰি আমি সোধপোছ আৰম্ভ কৰিছিলোঁ । ইয়াৰ পিছতে মূল অভিযুক্তৰ তথ্য পোহৰলৈ আহে । এই হত্যাকাণ্ড সংঘটিত কৰা সেই দিনা অক্ষয়ৰ লগত একেলগে সময় পাৰ কৰা বিশাল আৰু তেৰাক আমি গ্ৰেপ্তাৰ কৰিছোঁ । তেওঁলোকে ইতিমধ্যে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে ।" এই ঘটনাৰ তদন্তকাৰী বিষয়া দীপজ্যোতি সোণোৱালে এনেদৰে কয় ।

এই জটিল তথা ৰহস্যজনক হত্যাকাণ্ডৰ ঘটনাটোৱে বহুতৰে মাজত না না প্ৰশ্নৰ সৃষ্টি কৰিছিল । কিন্তু অতি কম সময়ৰ ভিতৰতে যোৰহাট সদৰ আৰক্ষীয়ে এই হত্যাকাণ্ডৰ ৰহস্য সমাধান কৰিবলৈ সক্ষম হোৱাত সকলোৱে সন্তুষ্টি প্ৰকাশ কৰিছে ।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি