নিশা যোৰহাটৰ লাহদৈগড় আৰক্ষীয়ে অভিযান চলাই কাকজান বামকুকুৰাচোৱা গাৱঁৰ ৰাজীৱ বৰা নামৰ এজন অবৈধ সুৰা ব্যৱসায়ীৰ ঘৰৰ পৰা উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ দেশী বিদেশী সুৰা।
নিশা যোৰহাটৰ লাহদৈগড় আৰক্ষীয়ে অভিযান চলাই কাকজান বামকুকুৰাচোৱা গাৱঁৰ ৰাজীৱ বৰা নামৰ এজন অবৈধ সুৰা ব্যৱসায়ীৰ ঘৰৰ পৰা উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ দেশী বিদেশী সুৰা।
ৰাজ্যৰ চৌদিশে আৰম্ভ হৈছে আৰক্ষীৰ মাদক দ্ৰব্য বিৰোধী অভিযান।ক'ৰবাত যদি আৰক্ষীৰ অভিযানত ড্ৰাগছ ওলাইছে, ক'ৰবাত আকৌ কাৰ্টনে কাৰ্টনে ওলাইছে সুৰা।যোৱা নিশা যোৰহাটৰ লাহদৈগড় আৰক্ষীয়ে অভিযান চলাই কাকজান বামকুকুৰাচোৱা গাৱঁৰ ৰাজীৱ বৰা নামৰ এজন অবৈধ সুৰা ব্যৱসায়ীৰ ঘৰৰ পৰা উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ দেশী বিদেশী সুৰা।
ঘৰতে এখন সুৰা বিপনী গঢ়ি তুলিছে। আৰক্ষীৰ অভিযানৰ খবৰ পাই পলাবলৈ সক্ষম হোৱা ৰাজীৱ বৰাৰ ঘৰৰ ড্ৰয়িং ৰূমৰ ডিভানৰ ভিতৰত ওলায় এই বৃহৎ পৰিমাণৰ সুৰা।চুলাইৰ পৰা আৰম্ভ কৰি একেবাৰে বিদেশী সুৰালৈকে মজুত কৰি ৰাখিছিল অবৈধ সুৰা বেপাৰীজনে।ইতিমধ্যে আৰক্ষীয়ে প্ৰায় ৪০ হাজাৰ টকাৰ সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে।উল্লেখ্য যে লাহদৈগড় আৰক্ষী চকীৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় ৰয়ৰ নেতৃত্বত এনেদৰে দৈনিক পোহৰলৈ আহিছে অবৈধ সুৰাৰ ঘাটি।সততেই গাঁও অঞ্চলত অবৈধ সুৰাৰ ঘাটিৰ বিৰুদ্ধে অভিযান চলোৱা আৰক্ষী বিষয়াগৰাকীৰ এনে পদক্ষেপক আদৰণি জনাইছে সচেতন মহলে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|