কালৰো কাল বিপৰীত কাল, এইবাৰ যাত্ৰীৰ পৰিৱৰ্তে ট্ৰেভেলাৰত উঠিল গৰু। চোৰাং গৰু ব্যৱসায়ীয়ে ব্যৱহাৰ কৰিলে নতুন কৌশল৷ গৰুৰ চোৰাং ব্যৱসায়ীয়ে গৰু সৰবৰাহত ব্যৱহাৰ কৰিলে যাত্ৰীবাহী ট্ৰেভেলাৰ৷
শোণিতপুৰ জিলাৰ জামুগুৰিহাটত আৰক্ষীৰ জালত পৰিল যাত্ৰীবাহী ট্ৰেভেলাৰত চোৰাংভাৱে কঢ়িয়াই অনা ১১ টাকৈ গৰু৷ আৰক্ষীৰ লোকক বুধবাৰে নিশা মহটিয়াই নিবলৈ চেষ্টা কৰা ট্ৰেভেলাৰখনে জামুগুৰি আৰক্ষী থানাৰ পৰা বৰভগীয়া গাঁও দিশত আহি পলায়ন কৰিবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে গাড়ীখনক অনুসৰণ কৰে ৷ খেদি খেদি গৰু সৰবৰাহ কৰা AS 12AC 6908 নম্বৰৰ ট্ৰেভেলাৰখন অৱশেষত জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী৷
পূৰ্বৰে পৰা পোৱা তথ্যৰ ভিত্তিত জামুগুৰি আৰক্ষীয়ে নিশা পহৰা দি থকা অৱস্থাত গৰুভৰ্তি বাহনখন দেখা পায় খেদি খেদি কৰায়ত্ত কৰে ৷ অৱশ্যে গাড়ীখনৰ চালক আৰু হেণ্ডিমেন নিশাৰ আন্ধাৰত পলাই সাৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে চোৰাং গৰু সৰবৰাহকাৰী ব্যৱসায়ীয়ে এইদৰে নতুন কৌশল অৱলম্বন কৰা ঘটনাই সমগ্ৰ অঞ্চলটিত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে আৰক্ষী প্ৰশাসনকো ভবাই তুলিবলৈ বাধ্য কৰিছে৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|