জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী সংগঠনৰ লক্ষ্য হৈ পৰিছে অনাকাশ্মিৰী লোক। শনিবাৰে নিশা কাশ্মীৰৰ শ্ৰীনগৰৰ পদপথত পানীপুৰি বিক্ৰী কৰি জীৱন-নিৰ্বাহ কৰা ব্যৱসায়ী এগৰাকীক গুলীয়াই হত্যা কৰে সন্ত্ৰাসবাদীয়ে। শ্ৰীনগৰৰ ঈদগ্ৰাহ এলেকাত সংঘটিত হৈছে এই ঘটনা।
আনহাতে, পুলৱামাটো আন এগৰাকী কাৰ্পেণ্টাৰক গুলীয়াই হত্যা কৰিছে সন্ত্ৰাসবাদীয়ে। চাগিৰ আহমেদ নামৰ উত্তৰ প্ৰদেশৰ এগৰাকী নিৰীহ ব্যক্তিক সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছে। পুলৱামাত কাৰ্পেণ্টাৰৰ কামত নিয়োজিত চাগিৰক আজি বিয়লি ২জনীয়া উগ্ৰপন্থীৰ এটা দলে শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে। এই ঘটনাৰ পিছতে সামৰিক বাহিনীয়ে সন্ত্ৰাসবাদীক বিচাৰি অভিযান তীব্ৰতৰ কৰি তুলিছে। উল্লেখযোগ্য যে, ২ অক্টোবৰৰ পৰা আজি পৰ্য্যন্ত ৮জন সাধাৰণ নাগৰিকক সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছে।
Published by: Kokil Sarma
FIRST PUBLISHED : October 16, 2021, 23:08 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।