মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »Drugs Seized : জখলাবন্ধাৰ আৰক্ষীয়ে জব্দ কৰিলে ১৮ কেজি হেৰ'ইন, মূল্য প্ৰায় ২৫ কোটি টকা

Drugs Seized : জখলাবন্ধাৰ আৰক্ষীয়ে জব্দ কৰিলে ১৮ কেজি হেৰ'ইন, মূল্য প্ৰায় ২৫ কোটি টকা

নিশা ৯ বজাত আৰক্ষীয়ে জব্দ কৰিছে ড্ৰাগছখিনি

নিশা ৯ বজাত আৰক্ষীয়ে জব্দ কৰিছে ড্ৰাগছখিনি

নিশা ৯ বজাত আৰক্ষীয়ে জব্দ কৰিছে ড্ৰাগছখিনি

  • Share this:

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ সৰ্ববৃহৎ সাফল্য। জখলাবন্ধাৰ আৰক্ষীয়ে জব্দ কৰিলে ১৮ কেজি হেৰ'ইন। এখন হোণ্ডা চিটি গাড়ীত ক'হিমাৰ পৰা অনা হৈছিল ড্ৰাগছখিনি। ইয়াৰ পূৰ্বে অসম আৰক্ষীয়ে কাৰ্বি আংলঙত ৭ কেজি ড্ৰাগছ জব্দ কৰিছিল।


বৰ্তমানলৈকে চলা অভিযানৰ ভিতৰত এয়াই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দৰ ঘটনা। উদ্ধাৰ হোৱা ড্ৰাগছখিনিৰ মূল্য প্ৰায় ২৫ কোটি টকা হ'ব বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আটক কৰিছে এজন লোকক। নিশা ৯ বজাত আৰক্ষীয়ে জব্দ কৰিছে ড্ৰাগছখিনি। ASP(Crime)ৰূপজ্যোতি কলিতা আৰু ভাৰপ্ৰাপ্ত বিষয়া পৱন কলিতাৰ নেতৃত্বত চলিছিল এই অভিযান।

শেহতীয়া বাতৰি