ড্ৰাগছৰ বিৰুদ্ধে সষ্টম নগাওঁ আৰক্ষী। জখলাবন্ধা আৰক্ষীৰ জালত পুনৰ এক ড্ৰাগছ পেডলাৰ। জখলাবন্ধাৰ বাঘজানৰ পৰা ড্ৰাগছ পেডলাৰটোক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ পেডলাটোৰ নাম ৰিকু আনছাৰী। ধৃত ৰিকু আনছাৰীৰ ঘৰ জখলাবন্ধাত।
জখলাবন্ধাৰ বাঘজানৰ এন আৰ এল পেট্ৰ'ল পাম্পৰ সমীপতে ড্ৰাগছ বিক্ৰী কৰিবলৈ আহোতেই স্থানীয় ৰাইজৰ সহযোগত ৰিকু আনছাৰীক গ্ৰেপ্তাৰ কৰে জখলাবন্ধা আৰক্ষীয়ে। ধৃত ৰিকু আনছাৰীৰ পৰা আৰক্ষীয়ে জব্দ কৰে চাৰিটা ব্ৰাউন ছুগাৰৰ কণ্টেইনাৰ। পূৰ্বেও ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই কেইবাটাও ড্ৰাগছ পেডলাৰক গ্ৰেপ্তাৰ কৰিছে জখলাবন্ধা আৰক্ষীয়ে।
বিগত মাহতো জখলাবন্ধা আৰক্ষীয়ে অভিযান চলাই গৰুবন্ধাৰ পৰা আটক কৰিছিল এক ড্ৰাগছ পেডলাৰক। আৰক্ষীয়ে আটক কৰিছিল বিশাল চৌহান নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক।
Published by: Kokil Sarma
FIRST PUBLISHED : May 30, 2022, 22:00 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|