• Home
  • »
  • News
  • »
  • crime
  • »
  • Sex Racket : 'বৃন্দাবন'ত এইয়া কি লীলা, ধৰমতুলৰ বৃন্দাবন ৰিজ’ৰ্টৰ বন্ধ কোঠাত কি চলে?

Sex Racket : 'বৃন্দাবন'ত এইয়া কি লীলা, ধৰমতুলৰ বৃন্দাবন ৰিজ’ৰ্টৰ বন্ধ কোঠাত কি চলে?

ধৰমতুলৰ বৃন্দাবন ৰিজ’ৰ্টত অসংযত অৱস্থাত থকা যুৱক-যুৱতীৰ দলক আটক কৰাৰ লগতে উদ্ধাৰ কৰে আপত্তিজনক সামগ্ৰী ৷

ধৰমতুলৰ বৃন্দাবন ৰিজ’ৰ্টত অসংযত অৱস্থাত থকা যুৱক-যুৱতীৰ দলক আটক কৰাৰ লগতে উদ্ধাৰ কৰে আপত্তিজনক সামগ্ৰী ৷

ধৰমতুলৰ বৃন্দাবন ৰিজ’ৰ্টত অসংযত অৱস্থাত থকা যুৱক-যুৱতীৰ দলক আটক কৰাৰ লগতে উদ্ধাৰ কৰে আপত্তিজনক সামগ্ৰী ৷

  • Share this:
জাগীৰোডৰ ধৰমতুলত নাৰীদেহ ব্যৱসায়ী চক্ৰ উৎসাত ৷ এক গোপন সুত্ৰৰ পম খেদি নেলী আৰক্ষীয়ে ৰবিবাৰে আটক কৰে ছয় জনকৈ যুৱক যুৱতীক ৷ কোভিড প্ৰট’কল ভংগ কৰি ধৰমতুলৰ বৃন্দাবন ৰিজ’ৰ্টত অসংযত অৱস্থাত থকা যুৱক যুৱতীৰ দলটোক আটক কৰাৰ লগতে আৰক্ষীয়ে ৰিজ’ৰ্টখনৰ পৰা উদ্ধাৰ কৰে কেতবোৰ আপত্তিজনক সামগ্ৰী ৷

আটকাধীন যুৱক কেইজন ক্ৰমে মৰিগাঁৱৰ, যোৰহাট আৰু লক্ষীমপুৰৰ বুলি জানিব পৰা গৈছে ৷ কৰ্মসুত্ৰে তিনিওজন যুৱক ধৰমতুলত থাকে বুলি জানিব পৰা গৈছে ৷ আনহাতে আহতগুৰিৰ দুগৰাকী যুৱতী আৰু মিকিৰভেটাৰ এগৰাকী বিবাহিতা মহিলাও জালত পৰে আৰক্ষীৰ ৷

অবশ্যে আৰক্ষী অহাৰ উমান পাই ৰিজ’ৰ্টখনৰ স্বত্বাধিকাৰী দুস্মন্ত দাসে পলায়ন কৰিছিল যদিও পৰৱৰ্তী সময়ত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে বহুদিনৰ পৰা বৃন্দাবন ৰিজ’ৰ্টত অনৈতিক কাৰ্যকলাপ চলি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছিল ৷ অৱশেষত দেওবাৰে নেলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সমীৰ কোঁৱৰৰ নেতৃত্বত যোৱা এটা দলে কৰায়ত্ব কৰিবলৈ সক্ষম হয় যুৱক-যুৱতী কেইগৰাকীক ৷

আনহাতে জাগীৰোডৰ পৰা ধৰমতুললৈ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে কাঠফুলাৰ দৰে গঢ়ি উঠা ৰিজ’ৰ্ট আৰু ধাবা সমূহতো এনেধৰণৰ অসামাজিক কাৰ্যকলাপ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে বুলি স্থানীয় লোকে অভিযেগ কৰিছে ৷ একাংশ ৰিজ’ৰ্ট আৰু ধাবাৰ মালিকে নিজ মুনাফা আদায়ৰ লক্ষ্যৰে এনে কাৰ্য চলাই অহাৰ অভিযোগ বহু পূৰণি ৷

নেলী আৰক্ষীয়ে দেহ ব্যৱসায়ী চক্ৰটো উৎখাত কৰা কাৰ্যক প্ৰশংসা কৰাৰ লগতে চক্ৰটোৰ সৈতে জড়িতসকলক উচিত আৰু দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে স্থানীয় লোকে ৷
Published by:Manjumoni Borah
First published: