মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »অপৰাধীৰ ৰম্যভূমিত পৰিণত জাগীৰোড ! নকল সোণৰ নাওসহ আটক চাৰি প্ৰৱঞ্চক ...

অপৰাধীৰ ৰম্যভূমিত পৰিণত জাগীৰোড ! নকল সোণৰ নাওসহ আটক চাৰি প্ৰৱঞ্চক ...

জাগীৰোড আৰক্ষীৰ অভিযানত আৰক্ষীৰ দলে এটা ভাড়াঘৰৰ জব্দ কৰে ৩ খন নকল সোণৰ নাও আৰু ৬ টাকৈ মোবাইল ফোন ৷

জাগীৰোড আৰক্ষীৰ অভিযানত আৰক্ষীৰ দলে এটা ভাড়াঘৰৰ জব্দ কৰে ৩ খন নকল সোণৰ নাও আৰু ৬ টাকৈ মোবাইল ফোন ৷

জাগীৰোড আৰক্ষীৰ অভিযানত আৰক্ষীৰ দলে এটা ভাড়াঘৰৰ জব্দ কৰে ৩ খন নকল সোণৰ নাও আৰু ৬ টাকৈ মোবাইল ফোন ৷

  • Share this:
যেন অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে জাগীৰোড ৷ জাগীৰোডৰ অলিয়ে গলিয়ে এতিয়া অপৰাধীৰ টিঘিল ঘিলনী ৷ জাগীৰোডত বাহৰ পাতি দেশৰ বিভিন্ন প্ৰান্তৰ লোকক টাৰ্গেট দুষ্টচক্ৰৰ ৷ জাগীৰোড আৰক্ষীৰ অভিযানত উৎখাত অপৰাধীৰ ঘাটি ৷

ৰবিবাৰে নিশা এক গোপন সুত্ৰৰ পম খেদি জাগীৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুন প্ৰকাশ তিৱাৰী আৰু নগৰ পৰিদৰ্শক বিমল সিং ডেৰাৰ নেতৃত্বত চলোৱা অভিযানত আৰক্ষীৰ দলে এটা ভাড়াঘৰৰ জব্দ কৰে ৩ খন নকল সোণৰ নাও আৰু ৬ টাকৈ মোবাইল ফোন ৷

সমান্তৰালকৈ চাৰিটা প্ৰৱঞ্চকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ আটকাধীন প্ৰৱঞ্চক কেইটা ক্ৰমে উত্তৰ লক্ষীমপুৰৰ আবু তাহেৰ, ফাইজুল ইছলাম, জাগীৰোডৰ নিকটৱৰ্তী কাহিকুছিৰ ৰিংকুমনি আলী আৰু ধৰমতুল তেলাহীৰ জাহিদুল ইছলাম ৷

জাগীৰোডৰ এটা ভাড়াঘৰত থাকি বিগত সময়চোৱাত দেশৰ বিভিন্ন প্ৰান্তৰ লোকক সোণৰ নাও বিক্ৰীৰ নামত ঠগি আহিছিল প্ৰৱঞ্চক কেইটাই ৷ আনহাতে উক্ত প্ৰবঞ্চক কেইটাই বিভিন্ন প্ৰলোভনেৰে বহিঃৰাজ্যৰ পৰা সোণ কিনিবলৈ মাতি অনা লোকৰ ধন কাঢ়ি পলায়ন কৰাৰো তথ্য লাভ কৰিছে আৰক্ষীয়ে ৷

জাগীৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক মুন প্ৰকাশ তিৱাৰী আৰু নগৰ পৰিদৰ্শক বিমল সিং ডেৰাই জনোৱা মতে এই ঘটনাৰ সৈতে এটা বৃহৎ চক্ৰ জড়িত হৈ আছে ৷ আগন্তুক দিনত বৃহৎ চক্ৰটো উৎখাত কৰাৰ বাবেও তৎপৰতা গ্ৰহণ কৰিছে জাগীৰোড আৰক্ষীয়ে ৷

শেহতীয়া বাতৰি