এইবাৰ জাগীৰোডত আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা ড্ৰাগছ ব্যৱসায়ীৰ। পলাবলৈ লওতেই গুলীচালনা জাগীৰোড আৰক্ষীৰ, বাহাৰুল ইছলাম নামৰ এটা ড্ৰাগছ ব্যৱসায়ীৰ বাঁওভৰিত লাগে দুটা গুলী ৷ নিশা চলোৱা আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ আটক হৈছিল বাহাৰুল সহ আন এটা ড্ৰাগছ ব্যৱসায়ী ৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনকাউন্টাৰৰ ঘটনা সংঘটিত হৈ অহাৰ সময়তে এইবাৰ জাগীৰোড আৰক্ষী থানাত সোধপোছ কৰি থকাৰ সময়তে পলাবলৈ চেষ্টা কৰিছিল কুখ্যাত ড্ৰাগছ ব্যৱসায়ী বাহাৰুল ইছলাম ৷ পিছে পিছে আৰক্ষীয়ে খেদি যায় যদিও এজন লোকৰ ঘৰৰ দেৱাল পাৰ হৈ পলায়নৰ চেষ্টা কৰিছিল বাহাৰুলে ৷ তাৰ পিছতেই আৰক্ষীয়ে কৰিলে গুলীচালনা ৷ থানাৰ পৰা প্ৰায় ১০০ মিটাৰ নিলগত পাওতেই দুটাকৈ গুলীয়ে ভেদি যায় বাহাৰুলৰ বাওঁভৰি ৷
ততাতৈয়াকৈ জাগীৰোডৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে আহত বাহাৰুলক ৷ প্ৰাথমিক চিকিৎসাৰ পিছতে আহত বাহাৰুলক প্ৰেৰণ কৰা হয় মৰিগাঁৱৰ তিলক-হেমৰাম-গুনাভিৰাম অসামৰিক চিকিৎসালয়লৈ ৷ মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতিভলাল বৰুৱাই ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয় ৷
উল্লেখ্য যে গোপন সুত্ৰৰ পম খেদি শুক্ৰবাৰে নিশা জাগীৰোড আৰক্ষীয়ে চলাইছিল এক অভিযান ৷ জাগীৰোড থানাৰ পৰিদৰ্শক মুন প্ৰকাশ তিৱাৰীৰ নেতৃত্বত চলা আৰক্ষীৰ অভিযানত শিলভঙা পাহাৰৰ দুৰ্গম অঞ্চলৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছিল বৃহৎ পৰিমানৰ ড্ৰাগছ ৷ ড্ৰাগছ ব্যৱসায়ী বাহাৰুল ইছলাম আৰু ইকবাল হুছেইনক আটক কৰিছিল যদিও আৰক্ষীৰ উমান পাই পলায়ন কৰিছিল আন এটা কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ৷ আৰু তাৰ পিছতে শনিবাৰে সোধপোছ কৰি থকাৰ সময়ত আৰক্ষীৰ মাজৰ পৰা পলায়নৰ চেষ্টা চলাইছিল বাহাৰুল ইছলামে ৷
একপ্ৰকাৰ ড্ৰাগছৰ ঘাটিলৈ পৰিণত হোৱা শিলভঙা অঞ্চলৰ পৰা পূৰ্বেও বহুবাৰ অভিযান চলাই কেইবাটাও ড্ৰাগছ ব্যৱসায়ীক আটক কৰিছে জাগীৰোড আৰক্ষীয়ে ৷ কিন্তু আৰক্ষীৰ চকুত ধুলি দি এটা বৃহৎ চক্ৰই এতিয়াও চলাই আহিছে নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|