• Home
  • »
  • News
  • »
  • crime
  • »
  • ড্ৰাগছ সৰবৰাহৰ নতুন কৌশল ! আৰক্ষী অহাৰ উমান পাই কন্টেইনাৰ ট্ৰাক এৰি পলাল চালক-হেণ্ডিমেন...

ড্ৰাগছ সৰবৰাহৰ নতুন কৌশল ! আৰক্ষী অহাৰ উমান পাই কন্টেইনাৰ ট্ৰাক এৰি পলাল চালক-হেণ্ডিমেন...

জাগীৰোডত বৃহস্পতিবাৰে মাদক দ্ৰব্য নিয়ন্ত্ৰণ বিভাগে জব্দ কৰে UP-83BT-3107 নম্বৰৰ এখন কন্টেইনাৰ ট্ৰাক ৷ আহমদাবাদ ৰোডলাইন প্ৰাইভেট লিমিটেডৰ এই কন্টেইনাৰখনেৰে বৃহৎ পৰিমানৰ ড্ৰাগছ কঢ়িয়াই অনাৰ সন্দেহ কৰিছে মাদক দ্ৰব্য নিয়ন্ত্ৰণ বিভাগে ৷

  • Share this:
দৈনিক ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান ৷ ৰাজ্যত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা এই অভিযান অব্যাহত আছে অসমৰ বিভিন্ন প্ৰান্তত ৷ নৱপ্ৰজন্মক ধ্বংসৰ দিশে ঠেলি দিয়া মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীক কঠোৰ হবলৈ একপ্ৰকাৰ সকিয়নী প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷

ইতিমধ্যে কেইবাকোটি টকাৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে আৰক্ষীৰ জালত পৰিছে বহু ড্ৰাগছ ব্যৱসায়ী আৰু সৰবৰাহকাৰী ৷ দৈনিক ড্ৰাগছ জব্দ আৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ সক্ৰিয় ভূমিকাই দখল কৰি আহিছে সংবাদ শিৰোনাম ৷

কিন্তু ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে একপ্ৰকাৰ জেহাদ ঘোষণাৰ পিছতে যেন সলনি কৰিছে ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্য কঢ়িওৱাৰ কৌশল ৷ আৰক্ষীৰ চকুত ধুলি দি এইবাৰ কন্টেইনাৰ ট্ৰাকত ড্ৰাগছ সৰবৰাহ কৰাৰ নতুন কৌশল অৱলম্বন কৰিছে ড্ৰাগছ মাফিয়াই ৷

জাগীৰোডত বৃহস্পতিবাৰে মাদক দ্ৰব্য নিয়ন্ত্ৰণ বিভাগে জব্দ কৰে UP-83BT-3107 নম্বৰৰ এখন কন্টেইনাৰ ট্ৰাক ৷ আহমদাবাদ ৰোডলাইন প্ৰাইভেট লিমিটেডৰ এই কন্টেইনাৰখনেৰে বৃহৎ পৰিমানৰ ড্ৰাগছ কঢ়িয়াই অনাৰ সন্দেহ কৰিছে মাদক দ্ৰব্য নিয়ন্ত্ৰণ বিভাগে ৷ ইফালে কন্টেইনাৰখনত বৃহৎ পৰিমানৰ ড্ৰাগছৰ লগতে গাঞ্জা কঢ়িয়াই অনাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি পুৱতি নিশাৰ পৰাই মৰিগাঁও-কামৰূপ মহানগৰ জিলাৰ সীমান্তৱৰ্তী টোপাতলীত ৰখাই থোৱা আছিল কন্টেইনাৰ ট্ৰাকখন ৷ আৰক্ষী অহাৰ উমান পাই জাগীৰোডৰ নিকটৱৰ্তী টোপাতলীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত গাড়ীখন থৈ পলায়ন কৰে চালক আৰু হেণ্ডিমেন ৷

অৱশেষত গুৱাহাটীৰ পৰা অহা মাদক দ্ৰব্য নিয়ন্ত্ৰণ বিভাগৰ এটা দলে জব্দ কৰে বাহনখন ৷ তদন্তৰ খাতিৰত মাদক দ্ৰব্য নিয়ন্ত্ৰণ বিভাগৰ দলটোৱে কোনো তথ্য সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰাৰ পৰা বিৰত থাকে যদিও কন্টেইনাৰ ট্ৰাকখন গুৱাহাটীলৈ লৈ যোৱাৰ লগতে অব্যাহত ৰাখিছে তদন্ত ৷
Published by:Kokil Sarma
First published: