• Home
  • »
  • News
  • »
  • crime
  • »
  • Jacqueline Fernandez| এইজন ব্যক্তিক মৰমৰ চুমা খাই ফান্দত জেকলিন ফাৰ্নাণ্ডেজ, ভাইৰেল ফটোৱে মাতিছে বিপদ

Jacqueline Fernandez| এইজন ব্যক্তিক মৰমৰ চুমা খাই ফান্দত জেকলিন ফাৰ্নাণ্ডেজ, ভাইৰেল ফটোৱে মাতিছে বিপদ

ভাইৰেল ফটোত ২০০ কোটি টকাৰ ঠগ Sukesh Chandrashekhar চুমা খোৱা দেখা গৈছে Jacqueline Fernandezক।

ভাইৰেল ফটোত ২০০ কোটি টকাৰ ঠগ Sukesh Chandrashekhar চুমা খোৱা দেখা গৈছে Jacqueline Fernandezক।

ভাইৰেল ফটোত ২০০ কোটি টকাৰ ঠগ Sukesh Chandrashekhar চুমা খোৱা দেখা গৈছে Jacqueline Fernandezক।

  • Share this:
মুম্বাই: জেকলিন ফাৰ্ণাণ্ডেজে (Jacqueline Fernandez) এইকেইদিন নেট দুনীয়া তোলপাৰ লগাই আছে। কাৰণ অভিনেত্ৰীৰ ভাইৰেল ফটো। এই ভাইৰেল ফটোত জেকলিনক ২০০ কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগত অভিযুক্ত সুকেশ চন্দ্ৰশেখৰৰ (Sukesh Chandrasekhar) সৈতে ঘনিষ্ঠ হোৱা দেখা গৈছে। শেহতীয়াকৈ ভাইৰেল হোৱা এখন ফটোত জেকলিনে সুকেশ চন্দ্ৰশেখৰক চুমা যচা দেখা গৈছে। এই ছবিখন ভাইৰেল হোৱাৰ পিছত জেকলিনৰ সমস্যা বৃদ্ধি পোৱাটো নিশ্চিত হৈ পৰিছে। ইডি (প্ৰৱৰ্তন সঞ্চালকালয়ে) অভিনেত্ৰীগৰাকীৰ ফটো পোহৰলৈ অহাৰ পিছত তেওঁৰ ওপৰত কঠোৰ পদক্ষেপ ল'ব পাৰে, ধন লুণ্ঠনৰ গোচৰৰ মুখ্য অভিযুক্ত সুকেশ চন্দ্ৰশেখৰৰ সৈতে অভিনেত্ৰীৰ সম্পৰ্ক প্ৰমাণ কৰিছে এই ফটোৱে।

জেকলিন ফাৰ্ণাণ্ডেজৰ ফটো ভাইৰেল হোৱাৰ পিছত মানুহে তেওঁক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে। মানুহে ধৰি লৈছে যে, জেকলিনে সুকেশৰ বেআইনী কাৰ্য্যকলাপৰ বিষয়ে ভালকৈয়ে অৱগত আছিল। তাৎপৰ্যপূৰ্ণ যে তেওঁ ইডিৰ জেৰাত সুকেশৰ সৈতে সম্পৰ্ক থকাৰ কথা অস্বীকাৰ কৰিছিল। বাতৰি অনুসৰি, ফটোখন সুকেশ অন্তৱৰ্তীকালীন জামিনত তিহাৰ কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছত চেন্নাইৰ এখন পাঁচতাৰকা হোটেলত তোলা। এই ফটোখনত, সুকেশৰ হাতত দেখা গৈছে এটা আইফোন 12 প্ৰ' আছিল, যিটো ফোনেৰেই তেওঁ ইজৰাইলী চিম কাৰ্ড ব্যৱহাৰ কৰি 200 কোটি টকাৰ ঠগবাজী কৰিছিল।

সুকেশে জেকলিনক বহুতো দামী দামী উপহাৰ দিছিল:
বাতৰি অনুসৰি, সুকেশে জেকলিন ফাৰ্ণাণ্ডেজৰ সৈতে বন্ধুত্ব স্থাপন কৰে, নিজকে চেন্নাইৰ এজন ডাঙৰ ব্যৱসায়ী বুলি পৰিচয় দিয়ে আৰু লগতে তেওঁক কোটি কোটি টকাৰ দামী দামী উপহাৰ দিয়ে। সেইকাৰণে জেকলিনক ইডিয়ে মাতি পঠিয়াই আৰু অভিনেত্ৰীৰ বেংকৰ বিৱৰণৰ লগতে সকলো ক্ৰেডিট কাৰ্ড লেনদেনৰ বিৱৰণ বিচাৰে। ডিচেম্বৰৰ প্ৰথম সপ্তাহতে, ইডিয়ে সুকেশ আৰু জেকলিনৰ মাজৰ সম্পৰ্কৰ কথা উল্লেখ কৰি দিল্লী আদালতত মানি লণ্ডাৰিং গোচৰত অভিযোগপত্ৰ দাখিল কৰিবলৈ গৈ আছে।

জানক গোটেই বিষয়টো কি:
সুকেশ চন্দ্ৰশেখৰে তিহাৰ কাৰাগাৰৰ ভিতৰৰ পৰা এজন ডাঙৰ ব্যৱসায়ীৰ পত্নীৰ পৰা প্ৰায় ২০০ কোটি টকা প্ৰৱঞ্চনাৰে হৰলুকি কৰে যিটো সন্দৰ্ভত আৰবিএল বেংকৰ বিষয়াসহ তিহাৰ প্ৰশাসনৰ কিছুলোকক গ্ৰেপ্তাৰ কৰা হৈছিল। গোচৰটোত সুকেশৰ পত্নী লীনা পলৰো নাম আছে। লীনাই নিজৰ স্বামীক প্ৰৱঞ্চনাত সহায় কৰাৰ অভিযোগ। ইডিয়ে ২৩ আগষ্টত তিহাৰ কাৰাগাৰৰ ভিতৰৰ পৰা এতিয়ালৈকে সৰ্ববৃহৎ প্ৰৱঞ্চনাৰ (২০০ কোটি টকা) কাণ্ডত জৰিত সুকেশ চন্দ্ৰশেখৰ আৰু পত্নী তথা অভিনেত্ৰী লীনা পলৰ চেন্নাই বাংলোতো তালাচী চলাইছিল। ইডিয়ে ইয়াৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰে। ইডিয়ে 15 খন বিলাসী গাড়ীও উদ্ধাৰ কৰে। হাই প্ৰফাইল ঠগ সুকেশ কাৰাগাৰৰ ভিতৰৰ পৰাই ডাঙৰ ডাঙৰ ব্যৱসায়ীৰ সৈতে সম্পৰ্কত আছিল আৰু উচ্চ ন্যায়ালয়, উচ্চতম ন্যায়ালয়ত গোচৰ মীমাংসা কৰোৱাৰ দাবীৰে ধন লুণ্ঠন কৰিছিল। এই গোচৰটোত জেকলিন ফাৰ্ণাণ্ডেজৰ উপৰিও, নোৰা ফাতেহীকো ইতিমধ্যে ইডিয়ে সোধা-পোছা কৰিছে।
First published: