ঈশান উদয় স্কলাৰশ্বিপ আৰু সংখ্যালঘু ছাত্ৰৰ জলপানী কেলেংকাৰি সন্দৰ্ভত বৰপেটাত পুনৰ এগৰাকী অধ্যক্ষক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷ উত্তৰ বৰপেটা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জাহেৰ আলীক গ্ৰেপ্তাৰ কৰিছে বৰপেটা আৰক্ষীয়ে ৷
ঈশান উদয় স্কলাৰশ্বিপ আৰু সংখ্যালঘু ছাত্ৰৰ জলপানীৰ নামত মহাবিদ্যালয়খনত সংঘটিত কেলেংকাৰিৰ সৈতে জড়িতৰ অভিযোগত অধ্যক্ষ ডঃ জাহেৰ আলীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ অধ্যক্ষ ডঃ জাহেৰ আলীক আজি আদালতত হাজিৰ কৰাৰ পিছতে চাৰিদিনৰ আৰক্ষী জিম্মাত লৈ জেৰা চলাই আছে বৰপেটা আৰক্ষীয়ে ৷
বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰদীপ শইকীয়াই আজি ঈশান উদয় স্কলাৰশ্বীপ আৰু সংখ্যালঘু ছাত্ৰৰ জলপানী কেলেংকাৰি সন্দৰ্ভত এক সংবাদমেলত অধ্যক্ষ ডঃ জাহেৰ আলীক গ্ৰেপ্তাৰৰ কথা সদৰী কৰে ৷
ইপিনে সংবাদমেলখনত ঈশান উদয় স্কলাৰশ্বিপ আৰু সংখ্যালঘু ছাত্ৰৰ জলপানী কেলেংকাৰি সন্দৰ্ভত বৰপেটা আৰক্ষীয়ে এইপৰ্যন্ত ৪ গৰাকীকৈ মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যক্ষ মানিক আলী, অধ্যক্ষ ডঃ জাকিৰ হুছেইন, অধ্যক্ষ ছিৰাজুল হক আৰু ডঃ জাহেৰ আলীৰ লগতে মহাবিদ্যালয়ৰ ৪ গৰাকী কৰ্মচাৰী আৰু ৩ গৰাকীকৈ দালালক গ্ৰেপ্তাৰ কৰাৰ কথা প্ৰকাশ কৰে ৷
অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে জনোৱামতে বৰপেটা আৰক্ষীৰ এটা বিশেষ টীমে কেলেংকাৰীটোৰ তদন্ত অব্যাহত ৰাখিছে ৷ কেলেংকাৰিৰ সৈতে জড়িত থকাৰ অভিযোগত মহাবিদ্যালয়ৰ আৰু কেইবাজনো অধ্যক্ষ আৰু কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনাৰ কথাও প্ৰকাশ কৰে অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে ৷
Published by: Kokil Sarma
FIRST PUBLISHED : December 30, 2022, 19:34 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।