মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »Ishan Uday Scam: বৰপেটা আৰক্ষীৰ জালত ঈশান উদয় বৃত্তি কেলেংকাৰিৰে জড়িত অভিযুক্ত, ৩জন গ্ৰেপ্তাৰ

Ishan Uday Scam: বৰপেটা আৰক্ষীৰ জালত ঈশান উদয় বৃত্তি কেলেংকাৰিৰে জড়িত অভিযুক্ত, ৩জন গ্ৰেপ্তাৰ

চক্ৰটোৰ মূল নায়ক বৰপেটা দামালঝাৰ গাঁৱৰ মিনহাজুল হক আৰু শিলা গাঁৱৰ ৰকিবুল খান পলাতক।

চক্ৰটোৰ মূল নায়ক বৰপেটা দামালঝাৰ গাঁৱৰ মিনহাজুল হক আৰু শিলা গাঁৱৰ ৰকিবুল খান পলাতক।

চক্ৰটোৰ মূল নায়ক বৰপেটা দামালঝাৰ গাঁৱৰ মিনহাজুল হক আৰু শিলা গাঁৱৰ ৰকিবুল খান পলাতক।

  • Share this:

আৰক্ষীৰ জালত পৰিল ঈশান উদয় বৃত্তি কেলেংকাৰিৰ সৈতে জড়িত ১০ অভিযুক্ত৷ আৰক্ষীৰ জালত পৰা অভিযুক্তকেইজন হ'ল ৰূপচান্দ আলী, ছাহনুৰ, ছহিদুল মিঞা ওৰফে টিপু, আচুৰ উদ্দিন, তাৰু আলি, চাদ্দাম শিকদাৰ, দানিছ খান, চম্পিয়াৰা খাতুন, হালিদা বেগম আৰু মহিৰুদ্দিন ৷


আৰক্ষীয়ে ১০ অভিযুক্তক সোধা–পোছাৰ পিছত ৰূপচান্দ আলী, ছাহনুৰ আৰু ছহিদুল মীৰ ওৰফে টিপুক গ্ৰেপ্তাৰ কৰে ৷ আনহাতে সোধা–পোছাৰ পিছতে ৭ অভিযুক্তক  মুকলি কৰি দিয়ে আৰক্ষীয়ে ৷ ইপিনে অভিযুক্তসকলৰ পৰা ১২ টা মোবাইল ফোন, দুটা কম্পিউটাৰৰ প্ৰিন্টাৰ, এটা লেপটপ, ২৫খন এটিএম, ১৭ খন ডেবিট কাৰ্ড, ৫ টা বেংকৰ পাছবুক, চেকবুক, আৰু বহুসংখ্যক ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড আৰু  চাৰ্টিফিকেটৰ কপী আৰু এটা স্বোৱাইপ মেচিন জব্দ কৰে আৰক্ষীয়ে ৷


ইপিনে হাজাৰ হাজাৰ ভুৱা ছাত্ৰ–ছাত্ৰীৰ নামত কোটি কোটি টকা উলিয়াই নিয়া কেলেংকাৰি চক্ৰটোৰ মূল নায়ক বৰপেটা দামালঝাৰ গাঁৱৰ মিনহাজুল হক আৰু শিলা গাঁৱৰ ৰকিবুল খান পলাতক হৈ আছে ৷


ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে বিশ্ববিদ্যালয় অনুদান আয়োগৰ জৰিয়তে মেধাৰ ভিত্তিত স্নাতক পাঠ্যক্ৰম  অধ্যয়ন কৰি থকা দুখীয়া ছাত্ৰ–ছাত্ৰীসকলক প্ৰদান কৰা ঈশান উদয় বৃত্তিৰ নামত সংঘটিত হৈছিল কেলেংকাৰি ৷


উক্ত চক্ৰটোৰে জড়িত বৰপেটাৰ এম চি কলেজৰ কৰ্মচাৰী ৰতন হাজৰিকাক গ্ৰেপ্তাৰৰ পিছতে ৰতন হাজৰিকাৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি আটক কৰিছিল ১০ অভিযুক্তক ৷
কেলেংকাৰিৰ সৈতে জড়িত চক্ৰটোক ৰতন হাজৰিকাই এম চি কলেজৰ OTP প্ৰদান কৰিছিল চক্ৰটোক ৷


ঈশান উদয় বৃত্তি কেলেংকাৰিক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতেই বৰপেটাত কেলেংকাৰিটোৰ সৈতে জড়িত ১০জনকৈ অভিযুক্ত আৰক্ষীৰ জালত পৰা ঘটনাই এই বিষয়ে অধিক তথ্যৰ সম্ভেদ দিয়াৰ আশা কৰা হৈছে ৷

শেহতীয়া বাতৰি