உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • ঈশাণ উদয় বৃত্তি কেলেংকাৰী ! অৱশেষত বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ কৰ্মচাৰীক আটক কৰিলে আৰক্ষীয়ে...

    ঈশাণ উদয় বৃত্তি কেলেংকাৰী ! অৱশেষত বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ কৰ্মচাৰীক আটক কৰিলে আৰক্ষীয়ে...

    ঈশাণ উদয় বৃত্তি কেলেংকাৰীৰ সৈতে জৰিত থকাৰ অপৰাধত বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ কৰ্মচাৰী আটক ৷ আটকাধীন কৰ্মচাৰীজনৰ নাম ৰতন হাজৰিকা ৷

    ঈশাণ উদয় বৃত্তি কেলেংকাৰীৰ সৈতে জৰিত থকাৰ অপৰাধত বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ কৰ্মচাৰী আটক ৷ আটকাধীন কৰ্মচাৰীজনৰ নাম ৰতন হাজৰিকা ৷

    ঈশাণ উদয় বৃত্তি কেলেংকাৰীৰ সৈতে জৰিত থকাৰ অপৰাধত বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ কৰ্মচাৰী আটক ৷ আটকাধীন কৰ্মচাৰীজনৰ নাম ৰতন হাজৰিকা ৷

    • Share this:
    গোচৰ ৰুজু হোৱাৰ ৭ মাহ পিচত তদন্ত আৰম্ভ কৰি অৱশেষত বৰপেটাত আৰক্ষীয়ে আটক কৰিছে এজনক ৷ ঈশাণ উদয় বৃত্তি কেলেংকাৰীৰ সৈতে জৰিত থকাৰ অপৰাধত বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ কৰ্মচাৰী আটক ৷ আটকাধীন কৰ্মচাৰীজনৰ নাম ৰতন হাজৰিকা ৷

    মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় আৰু বিশ্ববিদ্যালয় অনুদান আয়োগে প্ৰদান কৰা ঈশাণ উদয় বৃত্তিৰ নামত মহাবিদ্যালয়খনত সংঘটিত কেলেংকাৰীৰ সৈতে জৰিত থকাৰ অভিযোগ ৰতন হাজৰিকাৰ বিৰুদ্ধে ৷ মহাবিদ্যালয় কতৃপক্ষই বিগত জানুৱাৰী মাহতে কেলেংকাৰীটোৰ সৈতে জৰিত চক্ৰটোক বিচাৰি উলিয়াই শাস্তি প্ৰদানৰ বাবে বৰপেটা সদৰ থানাত ৰুজু কৰিছিল গোচৰ ৷ পিছে বিগত ৭ মাহেও আগবঢ়া নাছিল তদন্ত প্ৰক্ৰিয়া ৷ বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্ৰৰ নামত ২০১৯-২০ বৰ্ষত সংঘটিত হৈছিল ঈশাণ উদয় বৃত্তিৰ নামত কেলেংকাৰী ৷ মহাবিদ্যালয়খনৰ ছাত্ৰ বুলি দেখুৱাই প্ৰায় ২৯০ গৰাকী ছাত্ৰই কৰিছিল বৃত্তিৰ বাবে আবেদন ৷ যাৰ অধিকাংশই আছিল ভুৱা ছাত্ৰ ছাত্ৰী ৷ অবশেষত আজি বৰপেটা সদৰ থানাৰ আৰক্ষী মহাবিদ্যালয়খনত উপস্থিত হৈ ৰতন হাজৰিকা নামৰ কৰ্মচাৰীজনক আটক কৰে ৷ ৰতন হাজৰিকা ছাত্ৰৰ বৃত্তি সম্পৰ্কীয় বিভাগীয় কাম কাজৰ সৈতে জৰিত বুলি মহাবিদ্যালয়ৰ অধ্যক্ষই জানিবলৈ দিছে ৷
    Published by:Kokil Sarma
    First published: