বেংকলৈ যোৱা গ্ৰাহক সকল হওক সাৱধান, নহ'লে আপোনাৰ কষ্ট উপাৰ্জিত ধন লৈ উধাও হব পাৰে গ্ৰাহকৰ বেশত বেংকত পিটপিতাই থকা ইৰানী গ্রুপৰ সদস্যই ।
বেংকলৈ যোৱা গ্ৰাহক সকল হওক সাৱধান, নহ'লে আপোনাৰ কষ্ট উপাৰ্জিত ধন লৈ উধাও হব পাৰে গ্ৰাহকৰ বেশত বেংকত পিটপিতাই থকা ইৰানী গ্রুপৰ সদস্যই ।
বেংকলৈ যোৱা গ্ৰাহক সকল হওক সাৱধান, নহ'লে আপোনাৰ কষ্ট উপাৰ্জিত ধন লৈ উধাও হব পাৰে গ্ৰাহকৰ বেশত বেংকত পিটপিতাই থকা ইৰানী গ্রুপৰ সদস্যই ।তেনে এক ঘটনা সংঘটিত হৈছে হোজাই জিলাৰ লংকা শাখাৰ এছ বি আই বেংকত।
বৃহস্পতি বাৰে ইব্ৰাহিম আলী নামৰ যুৱক এজনে এখন চেক জমা দি উঠাইছিল 40 হাজাৰ টকা।তেনেতে পূৰ্বৰ পৰা গ্ৰাহকৰ বেশত বেংকৰ ভিতৰত থকা তিনিজনীয়া ইৰানী গ্রুপৰ দল এটাই যুৱকজনক কৰি আছিল অনুসৰণ ।সেইমতে তিনিওজনৰ ভিতৰৰ এজনে পৰিকল্পিত ভাবে যুৱকজনক তেওঁলোকৰ প্ৰপত্ৰ এখন ভৰাই দিবলৈ অনুৰোধ কৰি বাৰ্তালাপ কৰিবলৈ ধৰে। বাৰ্তালাপ চলি থকাৰ সুযোগতে তিনিজনীয়া দলটোৰ আন এটা সদস্যই চেগ বুজি যুৱকজনৰ হাতৰ পৰা টকা খিনি লৈ পলায়ন কৰে বুলি ভুক্তভোগী যুৱকজনে সংবাদমাধ্যম আগত প্ৰকাশ কৰে।
লগতে তেওঁ আৰু কয় যে, টকা লৈ পলায়ন কৰা লোকজনৰ পিছে পিছে তেওঁ খেদি গৈ মৌচম হোটেলৰ সন্মুখত ৰাইজৰ সহযোগত কৰায়ত্ত কৰি ধন খিনি উদ্ধাৰ কৰাৰ লগতে ধৃত যুৱকজনক লংকা আৰক্ষীক গতাই দিয়ে।
ইপিনে ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়া ইৰানী গ্রুপৰ সদস্যটো বিহাৰৰ কৃষ্ণ মাহাতো বুলি পৰিচয় পোৱা গৈছে। অন্যহাতে ধৃত মাহাতোৰ আন দুই সহযোগী পলাতক হৈ আছে। ভুক্তভোগী লোকজনে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|