আই পি এল আৰম্ভ হ'লেই ডিব্ৰুগড়ত গঢ়ি উঠে IPLৰ জুৱা। ৰাজ্যত প্ৰসাৰতা লাভ কৰা এই আই পি এল জুৱা বিভিন্ন সময়ত ডিব্ৰুগড় জিলাৰ পৰাই পৰিচালিত হোৱা বুলি অভিযোগ উত্থাপিত হৈ আহিছে যদিও ''আই পি এল" জুৱাৰী চক্ৰটো ইমানেই শক্তিশালী ৰূপত আত্ম প্ৰকাশ কৰিছে যে চৰকাৰী পক্ষয়ো এই চক্ৰটোক উৎখাত কৰিবলৈ হাজাৰবাৰ ভাবিবলগীয়া হয়।
শেহতীয়াকৈ ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰহণ কৰিছে বিশেষ তৎপৰতা। আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুই জুৱাৰ বুকী শক্তি সিং আৰু চাহিদ খানক। ডিব্ৰুগড় আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই বাণীপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে জুৱাৰী দুজনক। দীৰ্ঘদিন ধৰি IPLৰ নামত জুৱাৰ বেহা চলাইছিল যুবক দুজনে।
ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা যুৱক দুজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ বিপৰীতে এই জুৱাৰ সৈতে জড়িত আন কেইবাজনৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে বুলি জানিবলৈ দিছে আৰক্ষী অধীক্ষকে।
একাংশ বুকীৰ সহায়ত অনলাইন আই পি এল জুৱাৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰি আহিছে। আই পি এল জুৱাত বহু নামি–দামী ব্যক্তি জড়িত থকাৰ কথাও পোহৰলৈ আহিছে। কিন্তু আৰক্ষীয়ে অভিযান চলাই সৰু সৰু বুকী, আই পি এল জুৱাৰ নামত দালালি কৰা ব্যক্তিক আটক কৰে যদিও চক্ৰটোৰ ৰৌ–বৰালি সাৰি যায়। আই পি এল জুৱাৰ ক্ষেত্ৰত অসম চৰকাৰৰ গৃহ বিভাগে শীঘ্ৰে পদক্ষেপ গ্ৰহণ কৰাৰ আশা কৰিছে সচেতন মহলে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|