কৰ্মচাৰীক শোষণৰ অভিযোগত গ্ৰেপ্তাৰ ইণ্ডাষ্ট্ৰিয়েল ক'অপাৰেটিভ বেংকৰ পৰিচালন সঞ্চালক শুভ্ৰজ্যোতি ভৰালী। বেংকটোৰ ৫০ কোটি টকাৰ কেলেংকাৰীতো জড়িত MD শুভ্ৰজ্যোতি ভৰালী।
কৰ্মচাৰীক শোষণৰ অভিযোগত গ্ৰেপ্তাৰ ইণ্ডাষ্ট্ৰিয়েল ক'অপাৰেটিভ বেংকৰ পৰিচালন সঞ্চালক শুভ্ৰজ্যোতি ভৰালী। বেংকটোৰ ৫০ কোটি টকাৰ কেলেংকাৰীতো জড়িত MD শুভ্ৰজ্যোতি ভৰালী।
যোৱা ১৫ ছেপ্তেম্বৰত ফাঁচিবজাৰত থকা ইণ্ডাষ্ট্ৰিয়েল ক'অপাৰেটিভ বেংক (industrial Cooperative Bank)ৰ বিৰুদ্ধে ৫০ কোটি টকা আত্মসাতৰ অভিযোগ আনিছিল নাগৰিক সুৰক্ষা মঞ্চৰ সভাপতি ভদ্ৰেশ্বৰ বৰ্মনে ৷ পাণবজাৰ থানাত বেংকটোৰ পৰিচালন সঞ্চালক শুভ্ৰজ্যোতি ভৰালী (Subhrajyoti Bharali)সহ বেংকটোৰ ৮জন কৰ্মচাৰীৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল গোচৰ ৷ কিন্ত লক্ষণীয়ভাৱে থানাত গোচৰ ৰুজু হোৱাৰ পিছতে অভিযুক্ত আটাইকেইজনে আত্মগোপন কৰি থকাৰ অন্তত আটাইকেইজনে গোচৰটোত লাভ কৰিছিল জামিন ৷
কিন্ত তাৰ মাজতে গকুল তালুকদাৰ নামৰ বেংকটোৰ এজন কৰ্মচাৰীয়ে MD শুভ্ৰজ্যোতিৰ বিৰুদ্ধে পাণবজাৰ থানাত দাখিল কৰিছিল ৫৫১/২১ নম্বৰৰ এক গোচৰ ৷ অভিযোগমতে MD শুভ্ৰজ্যোতি ভৰালীয়ে বেংকটোৰ একাংশ কৰ্মচাৰীৰ ওপৰত মানসিকভাৱে কৰি আহিছিল অত্যাচাৰ ৷ যাৰ বাবে উপায়বিহীন হৈ গকুল তালুকদাৰ নামৰ বেংকৰ কৰ্মচাৰীজনে শুভ্ৰজ্যোতি ভৰালীৰ বিৰুদ্ধে কাষ চাপিছিল আৰক্ষীৰ ৷
এই অভিযোগৰ পিছতে দেওঁবাৰে MD শুভ্ৰজ্যোতি ভৰালীক দীৰ্ঘসময়ৰ সোধা-পোছাৰ অন্তত গ্ৰেপ্তাৰ কৰে পাণবজাৰ আৰক্ষীয়ে ৷ ইতিমধ্য বেংকটোৰ ৫০কোটি টকা আত্মসাতৰ অভিযোগত জামিন লাভ কৰিলেও কৰ্মচাৰীক শোষণৰ অভিযোগত গ্ৰেপ্তাৰ হ'ব লগীয়া হ'ল MD শুভ্ৰজ্যোতি ভৰালী ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|