• Home
  • »
  • News
  • »
  • crime
  • »
  • Foreign Cigarette : বুক কৰিছিল কাপোৰৰ টোপোলা, টোপোলাত ওলাল লাখ লাখ টকাৰ দামী বিদেশী চিগাৰেট

Foreign Cigarette : বুক কৰিছিল কাপোৰৰ টোপোলা, টোপোলাত ওলাল লাখ লাখ টকাৰ দামী বিদেশী চিগাৰেট

কাজিৰঙাত বিদেশী চিগাৰেট জব্দ

কাজিৰঙাত বিদেশী চিগাৰেট জব্দ

১০টা চিগাৰেট ভৰ্তি কাৰ্টন কাপোৰ থকা বুলি Invoiceত  উল্লেখ কৰি Gudang Garam নামৰ ইণ্ডোনেছিয়ান চিগাৰেট সৰবৰাহৰ চেষ্টা চলাইছিল অসাধু ব্যৱসায়ীয়ে।

  • Share this:
যি সময়ত ৰাজ্য চৰকাৰে মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অধিক কঠোৰ হৈছে, সেইময়ত অসাধু ব্যৱসায়ীয়ে ন ন পন্থা হাতত লৈছে নিষিদ্ধ সামগ্ৰী সৰবৰাহ কৰাত। এইবাৰ কুৰিয়াৰ ছাৰ্ভিচত নিষিদ্ধ বিদেশী চিগাৰেট (Foreign Cigarette) সৰবৰাহৰ পন্থা লৈছে দুষ্টচক্ৰই।

কাজিৰঙাত আজি  লক্ষাধিক টকাৰ বিদেশী চিগাৰেট জব্দ কৰে কঁহৰা আৰক্ষীয়ে। গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে কুৰিয়াৰ ছাৰ্ভিচ (Courier Service)ৰ যোগে সৰবৰাহ হোৱা ইণ্ডোনেছিয়া (Indonesia)ৰ এটা কোম্পানীৰ চিগাৰেটখিনি কঁহৰাত অভিযান চলাই জব্দ কৰে।

ৰিবিগ' কুৰিয়াৰ ছাৰ্ভিছৰ AS-01-HC-2599 নম্বৰৰ ট্ৰাকখনত  যোৰহাটৰ পৰা দিল্লীলৈ নি থকা হৈছিল জব্দকৃত চিগাৰেটখিনি। ৰোহিনী এণ্টাৰপ্ৰাইজ নামৰ প্ৰতষ্ঠানটোৱে যোৰহাটৰ পৰা কুৰিয়াৰ ছাৰ্ভিচত বুকিং কৰি দিল্লীলৈ প্ৰেৰণ কৰিছিল চিগাৰেট খিনি। দিল্লীলৈ নিয়াৰ পথতে কহঁৰা আৰক্ষীয়ে কাজিৰঙাত জব্দ কৰে ট্ৰাকখন।

১০টা চিগাৰেট ভৰ্তি কাৰ্টন কাপোৰ থকা বুলি Invoiceত  উল্লেখ কৰি চিগাৰেট খিনি সৰবৰাহৰ চেষ্টা চলাইছিল অসাধু ব্যৱসায়ীয়ে। Gudang Garam নামৰ ইণ্ডোনেছিয়ান চিগাৰেট সৰবৰাহকলৈ তদন্ত আৰম্ভ কৰিছে কঁহৰা আৰক্ষীয়ে।
Published by:Manjumoni Borah
First published: