• Home
  • »
  • News
  • »
  • crime
  • »
  • বিচাৰিলে হৰিণাৰ মাংস এতিয়াও পায়! এঠাইত ৩ কেজি, আন এঠাইত ১৭ কেজি মাংসসহ আটক বিক্ৰেতা

বিচাৰিলে হৰিণাৰ মাংস এতিয়াও পায়! এঠাইত ৩ কেজি, আন এঠাইত ১৭ কেজি মাংসসহ আটক বিক্ৰেতা

আন এঠাইত ৩ কিলোগ্ৰাম হৰিণাৰ মাংস,  দগাপাল্লা, মাংস কটা দাও জব্দ কৰে SSBয়ে

আন এঠাইত ৩ কিলোগ্ৰাম হৰিণাৰ মাংস,  দগাপাল্লা, মাংস কটা দাও জব্দ কৰে SSBয়ে

আন এঠাইত ৩ কিলোগ্ৰাম হৰিণাৰ মাংস,  দগাপাল্লা, মাংস কটা দাও জব্দ কৰে SSBয়ে

  • Share this:
ৰাজ্যত চলি আছে হৰিণাৰ মাংসৰ বেহা। বিজনীৰ উত্তৰাঞ্চলত চলি আছে এই মাংসৰ অবৈধ সৰবৰাহ। একাংশ অসাধু চক্ৰই অঞ্চলসমূহত হৰিণাৰ মাংস বিক্ৰী কৰি থকাৰ তথ্য লাভ কৰি SSBৰ দলে অভিযান চলাই হৰিণাৰ মাংসসহ এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় (Illegal supply of deer meat)। SSBৰ  অভিযানকালত কুমাৰশালীৰ এলেকাৰ পৰা অবিন নাৰ্জাৰী(৩০) নামৰ এজন হৰিণাৰ মাংস সৰবৰাহকাৰীক আটক কৰাৰ লগতে ধৃত সৰবৰাহকাৰীটোৰ পৰা ১৭ কিলোগ্ৰাম হৰিণাৰ মাংস (Deer Meat),  এটা মোবাইল আৰু AS 15K 6071 নম্বৰৰ এখন গ্লেমাৰ বাইক জব্দ কৰে।

জানিব পৰা মতে ধৃত সৰবৰাহকাৰীটোৰ ঘৰ বিজনীৰ ২ নং চতো লাদাংগুৰিত। আনহাতে SSBয়ে ধৃত অবিনৰ স্বীকাৰোক্তিৰ ভিত্তিত কুমাৰশালী নিৱাসী বুদাং ব্ৰহ্মৰ ঘৰত অভিযান চলাই ৩ কিলোগ্ৰাম হৰিণাৰ মাংস,  দগাপাল্লা, মাংস কটা দাসহ কেইবাটাও আপত্তিজনক সামগ্ৰী জব্দ কৰে যদিও বুদাং ব্ৰহ্ম পলাতক বুলি জানিবলৈ দিয়ে (deer meat supplier arrested in bijni)।

উল্লেখ্য ধৃত অবিন নাৰ্জাৰীয়ে কুমাৰশালী নিৱাসী বুদাং ব্ৰহ্মৰ পৰা হৰিণাৰ মাংস লৈ উক্ত অঞ্চলত বিক্ৰী কৰে বুলি SSB ৰ উপৰি সংবাদ মাধ্যমৰ সন্মুখতো মন্তব্য প্ৰকাশ কৰে। জব্দকৃত সামগ্ৰীসহ অবিন নাৰ্জাৰীক SSB য়ে কুকলুং বনাঞ্চলিক কাৰ্যালয়ত চমজাই দিব বুলি SSB য়ে জানিব দিয়ে।
Published by:Gautam Barman
First published: