হানি-খুঁচি হত্যাৰ পৰিকল্পনা কৰিছিল প্ৰেয়সীৰ নৱম শ্ৰেণীত পঢ়ি থকা পুত্ৰক ৷ ডেগাৰেৰে হানি-খুঁচি হত্যা কৰি পাছত পেট্ৰ'ল ঢালি জ্বলাই দিয়াৰ চেষ্টা
হানি-খুঁচি হত্যাৰ পৰিকল্পনা কৰিছিল প্ৰেয়সীৰ নৱম শ্ৰেণীত পঢ়ি থকা পুত্ৰক ৷ ডেগাৰেৰে হানি-খুঁচি হত্যা কৰি পাছত পেট্ৰ'ল ঢালি জ্বলাই দিয়াৰ চেষ্টা
পৰকীয়া প্ৰেমৰ পৰিণতিত নৱম শ্ৰেণীৰ ছাত্ৰক নৃশংসভাৱে হত্যাৰ চেষ্টা কৰা এক জঘন্য ঘটনাই আজি জোকাৰি গৈছে লখিমপুৰৰ ঢলপুৰ অঞ্চলক।
নিজৰ কলংক ঢাকিবলৈ হানি-খুঁচি হত্যাৰ পৰিকল্পনা কৰিছিল প্ৰেয়সীৰ নৱম শ্ৰেণীত পঢ়ি থকা পুত্ৰক ৷ প্ৰথমে ডেগাৰেৰে হানি-খুঁচি হত্যা কৰি পাছত পেট্ৰ'ল ঢালি জ্বলাই দিয়াৰ পৰিকল্পনা কৰিছিল লম্পট যুৱকে ৷
মাইক্ৰফাইনেঞ্চৰ ঋণ মাফ কৰি দিয়াৰ প্ৰলোভনেৰে মহিলাৰ সৈতে অবৈধ সম্পৰ্ক গঢ়ি অৱশেষত প্ৰয়সী মহিলাৰে ১৩ বছৰীয়া কিশোৰ পুত্ৰক হত্যাৰ নৃশংস চেষ্টা কৰিছিল ভণ্ড সমাজসেৱী হীতেশ্বৰ বৰা লম্পটটোৱে ৷ লখিমপুৰৰ ধলপুৰ চুতীয়া গাৱঁত৷
তিনি সন্তানৰ মাতৃ এগৰাকীৰে দীৰ্ঘ দিন ধৰি অবৈধ প্ৰেমৰ সম্পৰ্ক আছিল ধলপুৰৰ হিতেশ্বৰ বৰা নামৰ লম্পটটোৰ ৷ পলুৱাই নিয়াত ব্যৰ্থ হৈ প্ৰতিশোধ স্বৰূপে কৰিলে পুত্ৰক হত্যাৰ ষড়যন্ত্ৰ।
আজি বিয়লি প্ৰেমিক হিতেশ্বৰে দাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলায় প্ৰেমিকাৰ নৱম শ্ৰেণীত অধ্যয়নৰত পুত্ৰ সন্তানটিক ৷ ফুৰাবলৈ নিয়াৰ চলেৰে অসম-অৰুণাচল সীমান্তৰ দ্ৰোপাং নদীত ডেগাৰেৰে হানি-খুঁচি অৰ্ধমৃত অৱস্থাত পেলাই থৈ যায় কিশোৰটিক৷
পৰৱৰ্তী সময়ত স্থানীয় লোকৰ সহযোগত অৰুণাচল আৰক্ষীয়ে তেজেৰে লুটুৰি-পুটুৰি হৈ থকা কিশোৰটিক অৰ্ধমৃত অৱস্থাত উদ্ধাৰ কৰে । এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
পাছত পলাতক লম্পট হিতেশ্বৰক আৰক্ষীয়ে আটক কৰে৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|