• Home
  • »
  • News
  • »
  • crime
  • »
  • Crime : পৰকীয়া প্ৰেমৰ বাবেই বৈ গ'ল তেজৰ নৈ। হাতে হাতে লাঠি, দা লৈ দুই ফৈদৰ প্ৰচণ্ড মাৰপিটত ৰক্তাক্ত পৰিবেশ।

Crime : পৰকীয়া প্ৰেমৰ বাবেই বৈ গ'ল তেজৰ নৈ। হাতে হাতে লাঠি, দা লৈ দুই ফৈদৰ প্ৰচণ্ড মাৰপিটত ৰক্তাক্ত পৰিবেশ।

আক্ৰমণৰ ফলত  জাকিৰ হুছেইনসহ  পাঁচজনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

আক্ৰমণৰ ফলত  জাকিৰ হুছেইনসহ  পাঁচজনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

আক্ৰমণৰ ফলত  জাকিৰ হুছেইনসহ  পাঁচজনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

  • Share this:
হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰৌৱাৰ পাৰ গাঁৱত পৰকীয়া প্ৰেমৰ বাবেই ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি হয়। দা-লাঠিৰে দুটা ফৈদৰ লোকৰ মাজত তুমুল সংঘৰ্ষৰ ফলত চাৰিজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

কিছুদিন পূৰ্বে নাজিম উদ্দিন নামৰ যুৱক এজনক দুই সন্তানৰ মাতৃ এগৰাকীৰ সৈতে অসংযত অৱস্থাত নিশা স্থানীয় ৰাইজে আটক কৰি উত্তম-মাধ্যম দি মোৰাঝাৰ আৰক্ষী থানাত চমজাই দিছিল। তাৰ পিছতেই দুয়োটা ফৈদৰ মাজত কেইদিনমানৰ পৰা সংঘাত চলি আহিছিল।

বৃহস্পতিবাৰে বিয়লিৰ ভাগত প্ৰেমিকাৰ আত্মীয় জাকিৰ হুছেইন নামৰ লোকজন বজাৰ কৰি ঘৰলৈ ওভতাৰ পথত প্ৰেমিকৰ সমৰ্থকৰ একাংশ লোকে দা, লাঠিৰে  বাট আগচি  ধৰি প্ৰাণে মৰাৰ চেষ্টা চলায়। তাৰ পিছতেই ঘটনাই জটিল ৰূপ ধাৰণ কৰে। পাছত প্ৰেমিক প্ৰেমিকাৰ দুয়োটা ফৈদৰ শতাধিক লোকৰ সমাগম হোৱাত ভয়ংকৰ সংঘৰ্ষৰ সৃষ্টি হয়। পুৰুষ মহিলা সকলোৱে এজনে আনজনৰ ওপৰত দা-লাঠিৰে জঁপিয়াই পৰে। ভয়ংকৰ আক্ৰমণৰ ফলত  জাকিৰ হুছেইনসহ  পাঁচজনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আঘাত প্ৰাপ্ত লোক কেইজনক আৰক্ষীয়ে মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰি চিকিৎসা লয়ত ভৰ্তি কৰে।

ঘটনাস্থলীত ডবকা আৰক্ষী, মোৰাঝাৰ আৰক্ষীৰ লগতে আৰক্ষীৰ উৰ্ধতন বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় যদিও উত্তেজনা অব্যাহত আছে। ঘটনা সংক্ৰান্তত দুয়োটা ফৈদে মোৰাঝাৰ থানাত  এজাহাৰ দাখিল কৰিছে। উল্লেখযোগ্য যে ছফৰ আলীৰ পৰিয়াল আৰু ৰিয়াজ আলীৰ পৰিয়ালৰ সৈতে এই সংঘাতে অঞ্চলটোত তীব্ৰ  ৰূপ ধাৰণ কৰিছে।
Published by:Manjumoni Borah
First published: