মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»কাপোৰৰ আলমাৰিত অবৈধ সুৰাৰ বটল ৷ আৰক্ষীৰ তালাচীত ওলাল ২২৫টা অবৈধভাৱে ৰখা সুৰাৰ বটল।

কাপোৰৰ আলমাৰিত অবৈধ সুৰাৰ বটল ৷ আৰক্ষীৰ তালাচীত ওলাল ২২৫টা অবৈধভাৱে ৰখা সুৰাৰ বটল।

News18 Assam | News18-Assam
Updated:June 18, 2021, 9:58 PM IST
কাপোৰৰ আলমাৰিত অবৈধ সুৰাৰ বটল ৷ আৰক্ষীৰ তালাচীত ওলাল ২২৫টা অবৈধভাৱে ৰখা সুৰাৰ বটল।
অবৈধভাৱে ঘৰতে মজুত ৰখা এই সুৰাৰ বটলবোৰ এমআৰপি(MRP)তকৈ ৫০ৰ পৰা ১০০ টকা অধিক মূল্যত বিক্ৰি কৰি আছিল।

অবৈধভাৱে ঘৰতে মজুত ৰখা এই সুৰাৰ বটলবোৰ এমআৰপি(MRP)তকৈ ৫০ৰ পৰা ১০০ টকা অধিক মূল্যত বিক্ৰি কৰি আছিল।

  • Share this:
কোৰোণাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে দিনৰ ১২ বজাতে দোকান - পোহাৰ বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে চৰকাৰে ৷ চৰকাৰী নিৰ্দেশ অনুসৰি অন্যান্য দোকান-বজাৰ সমূহৰ লগতে ১২ বজাতে বন্ধ হৈ পৰে সুৰাৰ বিপণী সমূহ আৰু ইয়াৰেই পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে একাংশ অবৈধ সুৰা ব্যৱসায়ীয়ে ৷

এক গোপন সুত্ৰৰ পম খেদি বিশ্বনাথৰ উপ আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে বিশ্বনাথ চাৰিআলিৰ কদমনি গাৱৰ ৰাহানা চাহানিৰ ঘৰত অভিযান চলাই অবৈধভাৱে মজুত কৰি থোৱা ২২৫টা  সুৰাৰ বটল জব্দ কৰিবলৈ সক্ষম হয় ৷ ঘৰৰ ভিতৰত আলমাৰিত  লুকুৱাই থোৱা অৱস্থাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে সুৰাৰ বটলখিনি ৷

অবৈধভাৱে ঘৰতে মজুত  ৰখা এই সুৰাৰ বটলবোৰ এম আৰ পিতকৈ ৫০-১০০ টকা অধিক মূল্যত বিক্ৰি কৰা হয়। অধিক মুনাফা অৰ্জনৰ বাবে একাংশলোকে অবৈধভাৱে ঘৰতে মজুত  ৰাখে সুৰাৰ বটল ৷ ইয়াৰে অধিকাংশই হৈছে অৰুণাচলী সুৰা ৷

অতি কৌশলৰে দীৰ্ঘদিন ধৰি চাহানীয়ে ঘৰতে চলাই আহিছিল অবৈধ সুৰাৰ বেহা ৷ ইতিমধ্যে আৰক্ষীয়ে চাহানীক গ্ৰেপ্তাৰ কৰি আৰম্ভ কৰিছে আইনী প্ৰক্ৰিয়া ৷ অবৈধ সুৰাৰ বিৰুদ্ধে বিশ্বনাথ আৰক্ষীয়ে গ্ৰহণ কৰা এই পদক্ষেপক  এতিয়া সলাগ লৈছে সচেতন মহলে ৷
Published by: Manjumoni Borah
First published: June 18, 2021, 9:58 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি