• Home
  • »
  • News
  • »
  • crime
  • »
  • কলিয়াবৰত প্ৰায় প্ৰতিদিনে জব্দ হৈছে এখনৰ পিছত আনখন অবৈধ গো-সৰবৰাহকাৰী বাহন; বিগত ২৪ ঘণ্টাত জব্দ ২০৭ টা গৰুসহ ৮ খন গৰুভৰ্তি বাহন

কলিয়াবৰত প্ৰায় প্ৰতিদিনে জব্দ হৈছে এখনৰ পিছত আনখন অবৈধ গো-সৰবৰাহকাৰী বাহন; বিগত ২৪ ঘণ্টাত জব্দ ২০৭ টা গৰুসহ ৮ খন গৰুভৰ্তি বাহন

কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত চলা এই অভিযানত চালক-হেণ্ডিমেনসহ ৮ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে। আৰক্ষীয়ে আটক কৰে  ছুৰেন মুণ্ডা¸ জুলফিকুৰ আলি¸ মফিজুদ্দিন¸ বিনোদ বাউড়ী¸ জীয়াবুৰ ৰহমান¸ মুক্তাৰ হুছেইন, হাৰুন ৰছিদ আৰু আৰিফুল ইচলাম।

কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত বাগৰি, জখলাবন্ধা আৰু কলিয়াবৰ আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান চলাই জব্দ কৰিছে এখনৰ পিছত আনখন গৰুভৰ্তি বাহন। বিগত ২৪ ঘণ্টাত ২০৭ টা গৰুসহ ৮ খন গৰুভৰ্তি বাহন জব্দ হয় কলিয়াবৰত।

  • Share this:
অবৈধ গো সৰবৰাহৰ বিৰুদ্ধে চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰাৰ পিছতো উজনিৰ পৰা নামনিলৈ ন ন কৌশলেৰে অব্যাহত আছে গৰুৰ অবৈধ সৰবৰাহ। উজনি অসমৰ কেইবাখনো আৰক্ষী থানাৰ সন্মুখেৰে পাৰ হৈ অহা গৰুভৰ্তি বাহন জব্দ হৈছে কলিয়াবৰত।

কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত বাগৰি, জখলাবন্ধা আৰু কলিয়াবৰ আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান চলাই জব্দ কৰিছে এখনৰ পিছত আনখন গৰুভৰ্তি বাহন। বিগত ২৪ ঘণ্টাত ২০৭ টা গৰুসহ ৮ খন গৰুভৰ্তি বাহন জব্দ হয় কলিয়াবৰত। উজনি অসমৰ পৰা ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে নিশা হ'লেই ট্ৰাকে ট্ৰাকে মেঘালয় হৈ বাংলাদেশলৈ নিতৌ অব্যাহত গৰুৰ সৰবৰাহ।

দেওবাৰে নিশা কলিয়াবৰৰ কুঠৰীত জব্দ হয় তিনিখনকৈ গৰুভৰ্তি বাহন। সোমবাৰে পুৱাই পুনৰ দুখন অবৈধ গৰু ভৰ্তি বাহন জব্দ কৰে বাগৰি আৰক্ষীয়ে। ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই জব্দ কৰে গৰুভৰ্তি বাহন কেইখন। নিশা জব্দ কৰা বাহন কেইখনৰ পঞ্জীয়ন নম্বৰ AS-03-CC-2541, AS-12-BC-8192, AS-02-CC-9025। আনহাতে সোমবাৰে পুৱা জব্দ কৰা বাহন কেইখনৰ পঞ্জীয়ন নম্বৰ AS-02-BC-7318, AS-02-BC-5715 আৰু AS-01-BC-9943। বাগৰি আৰক্ষীয়ে জব্দ কৰা পাঁচখন বাহনত উদ্ধাৰ ৮৫ টা গৰু।

আনহাতে সোমবাৰে পুৱা কলিয়াবৰ আৰক্ষীয় জব্দ কৰে দুখন গৰুভৰ্তি ট্ৰাক। গৰু সৰবৰাহ কৰা এখন কণ্টেইনাৰ আৰু এখন ট্ৰাক জব্দ কৰে কলিয়াবৰ আৰক্ষীয়ে। জব্দকৃত কণ্টেইনাৰৰ নম্বৰ AS 01 CC 8269 আৰু আনখন ট্ৰাকৰ নম্বৰ AS 02 CC 8834। দুয়োখন ট্ৰাকৰ পৰা কলিয়াবৰ আৰক্ষীয়ে জব্দ মুঠ ৮২ টা গৰু। উল্লেখ্য যে দেওবাৰেও ৪০ টা গৰুসহ AS-01-BC-9943 নম্বৰৰ কণ্টেইনাৰ জব্দ কৰিছিল কলিয়াবৰ আৰক্ষীয়ে।

কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত চলা এই অভিযানত চালক-হেণ্ডিমেনসহ ৮ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে। আৰক্ষীয়ে আটক কৰে  ছুৰেন মুণ্ডা¸ জুলফিকুৰ আলি¸ মফিজুদ্দিন¸ বিনোদ বাউড়ী¸ জীয়াবুৰ ৰহমান¸ মুক্তাৰ হুছেইন, হাৰুন ৰছিদ আৰু আৰিফুল ইচলাম।
Published by:Subham Goswami
First published: