মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »Murder: অবৈধ প্ৰেমেই কাল হ'ল পপীৰ, মানসে ডিঙি ৰেপি হত্যা কৰি পেলাই থৈ গ'ল পথাৰত

Murder: অবৈধ প্ৰেমেই কাল হ'ল পপীৰ, মানসে ডিঙি ৰেপি হত্যা কৰি পেলাই থৈ গ'ল পথাৰত

Murder: মানসে কোৱা মতে দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক আছিল দুয়োজনৰে মাজত ৷ অবৈধ প্ৰেমেই কাল হ'ল বিবাহিত পপীৰ বাবে ৷

Murder: মানসে কোৱা মতে দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক আছিল দুয়োজনৰে মাজত ৷ অবৈধ প্ৰেমেই কাল হ'ল বিবাহিত পপীৰ বাবে ৷

Murder: মানসে কোৱা মতে দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক আছিল দুয়োজনৰে মাজত ৷ অবৈধ প্ৰেমেই কাল হ'ল বিবাহিত পপীৰ বাবে ৷

  • Share this:
গৰু বিহুৰ দিনাই বিশ্বনাথ (Biswanath)ৰ চতিয়াত ডিঙি কটা অৱস্থাত এগৰাকী মহিলাৰ মৃতদেহ (Woman Killed) উদ্ধাৰ কৰা হৈছিল৷  চতিয়াৰ  নাগশংকৰ মন্দিৰৰ মূল প্ৰবেশ পথৰ কাষতে উদ্ধাৰ কৰা হৈছিল পপী বৰা মগৰ নামৰ মহিলাগৰাকীৰ মৃতদেহ ৷ ডিঙি ৰেপি হত্যা কৰি পথাৰত পেলাই থৈ গৈছিল পপীক ৷

চতিয়াৰ পুৰণি তেলিয়া গাঁৱৰ পপী বৰা মগৰ দুটি সন্তানৰ মাতৃ ৷ বিশ্বনাথ আৰক্ষীয়ে ক্ষীপ্ৰ গতিৰে  তদন্ত  আৰম্ভ কৰি  শনিবাৰে হত্যাকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ চতিয়াৰ কল বস্তীৰ মানস গগৈ নামৰ যুৱকজনে হত্যা কৰিছিল পপীক ৷ মানসে আৰক্ষীৰ আগত  স্বীকাৰ কৰা অনুসৰি পপী বৰা মগৰক এখন ছুৰিৰে ডিঙিত ৰেপি হত্যা কৰিছিল৷

মানসে কোৱা মতে দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক আছিল দুয়োজনৰে মাজত ৷ অবৈধ প্ৰেমেই কাল হ'ল পপীৰ বাবে ৷ বিবাহিত পপীয়ে বিয়া কৰাবলৈ মানসক হেচা দি আছিল আৰু সেইবাবেই দুয়োৰে মাজত মতৰ অমিল হোৱাৰ বাবেই এনেদৰে হত্যা কৰে পপীক ৷  হত্যাকাৰী মানসৰ  পৰা এখন ছুৰি,মোবাইল আৰু কিছু পৰিমাণৰ টকা জব্দ কৰিছে আৰক্ষীয়ে ৷

শনিবাৰে বিশ্বনাথৰ আৰক্ষী অধীক্ষক নবীন সিঙে এক সংবাদমেলত সমগ্ৰ ঘটনাৰ তথ্য সদৰি কৰাৰ লগতে ৪৮ ঘণ্টাৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰি অপৰাধীক আৰক্ষীয়ে আটক কৰি জনসাধাৰণৰ প্ৰতি থকা দায়বদ্ধতাৰ কথা প্ৰকাশ কৰে ৷

শেহতীয়া বাতৰি