পৰকীয়া প্ৰেমৰ কৰুণ পৰিণতি! সংঘটিত হ'ল হত্যাকাণ্ডৰ দৰে ঘটনা। চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাতীৰ অসম অৰুণাচল সীমান্তৰ কানু চাহ বাগিচাৰ মালা লাইনত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড৷
ঘটনা অনুসৰি, স্বামী ৰাজীৱ গড়ে পত্নী ৰীমা গড় আৰু ঘৰৰ কাষৰে ধ্ৰুৱ কৰ্মকাৰ নামৰ এজন লোকক নিশা নিজা বাসগৃহতে অসংযত অৱস্থাত ধৰা পেলায়। আৰু তাৰ পিছতে স্বামী ৰাজীৱ আৰু পত্নীৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰি অহা ধ্ৰুপৰ হতাহতি হয়।
পিছত ঘটনাস্থলীৰ পৰা ধ্ৰুৱই পলায়ন কৰি নিজৰ ঘৰৰ পৰা এখন চোকা দা আনি ৰাজীৱক আক্ৰমণ কৰাৰ চেষ্টা চলাওতেই দুৰ্ভাগ্যবশতঃ আঘাতপ্ৰাপ্ত হয় ৰীমা গড়। আনকি ৰাজীৱেও এনে অবৈধ সম্পৰ্ক সহ্য কৰিব নোৱাৰি পত্নী ৰীমাক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে। দুয়োগৰাকী লোকৰ আক্ৰমণত ঘটনাস্থলীতে মৃত্যু হয় ৰীমা গড়ৰ।
পিছত ঘটনাস্থলীত সাপেখাতী আৰক্ষী উপস্থিত হৈ হত্যাকাণ্ডৰ সৈতে জড়িত স্বামী ৰাজীৱ গড় আৰু ধ্ৰুপ কৰ্মকাৰক আটক কৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|