• Home
  • »
  • News
  • »
  • crime
  • »
  • Veer Lachit Sena : ডাম্পাৰ বাদেই, মোৰ  ৰিক্সা কেলেংকাৰীও নাই, এক টকাও খাইছোঁ যদি প্ৰমাণ কৰক, শিৱ দৌলৰ সন্মুখত আঁঠু কঢ়িম : শৃংখল চলিহা

Veer Lachit Sena : ডাম্পাৰ বাদেই, মোৰ  ৰিক্সা কেলেংকাৰীও নাই, এক টকাও খাইছোঁ যদি প্ৰমাণ কৰক, শিৱ দৌলৰ সন্মুখত আঁঠু কঢ়িম : শৃংখল চলিহা

শৃংখল চলিহাই কয় "ডাম্পাৰ বাদেই, মোৰ  ৰিক্সা কেলেংকাৰীও নাই। ডেৰকোটি টকাৰ এটকাও যদি খোৱাৰ প্ৰমাণ দিব পাৰে শিৱ দৌলৰ সন্মুখত আঁঠু কাঢ়িম।"

শৃংখল চলিহাই কয় "ডাম্পাৰ বাদেই, মোৰ  ৰিক্সা কেলেংকাৰীও নাই। ডেৰকোটি টকাৰ এটকাও যদি খোৱাৰ প্ৰমাণ দিব পাৰে শিৱ দৌলৰ সন্মুখত আঁঠু কাঢ়িম।"

শৃংখল চলিহাই কয় "ডাম্পাৰ বাদেই, মোৰ  ৰিক্সা কেলেংকাৰীও নাই। ডেৰকোটি টকাৰ এটকাও যদি খোৱাৰ প্ৰমাণ দিব পাৰে শিৱ দৌলৰ সন্মুখত আঁঠু কাঢ়িম।"

  • Share this:
বীৰ লাচিত সেনা (Veer Lachit Sena)ত ডাম্পাৰ কেলেংকাৰীক লৈ সংঘাত অব্যাহত তুংগত উঠিছে। বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ দুগৰাকী শীৰ্ষ বিষয়াৰ বিৰুদ্ধে সদ্য পদত্যাগী শিৱসাগৰ জিলা সভাপতি চিতু বৰুৱাই বিস্ফোৰক অভিযোগ উত্থাপন কৰাৰ পিছতে সংগঠনটোৰ ভিতৰ চ'ৰাৰ লগতে লাচিত সেনাৰ অনুৰাগী সকলৰ মাজতো তোলপাৰ লাগিছে ।

এনে সময়তে শনিবাৰে শিৱসাগৰত এখন সংবাদমেলত চিতু বৰুৱাই উত্থাপন কৰা অভিযোগ ভিত্তিহীন আখ্যা দিয়ে কেন্দ্ৰীয় সাংগঠনিক সচিব শৃংখল চলিহা (Shrinkhal Chaliha)ই।

লক্ষ্যণীয় যে শুকুৰবাৰে বীৰ লাচিত সেনাৰ মূখ্য সাংগঠনিক সচিব ৰণ্টুপানী ফুকন আৰু শৃংখল চলিহাই ডাম্পাৰ প্ৰদানৰ নামত বহু যুৱকৰ পৰা লাখ লাখ টকা আত্মাৎ কৰা বুলি অভিযোগ উত্থাপন কৰিছিল চিতু বৰুৱাই।

ইয়াৰ পিছত শনিবাৰে সংবাদমেলত শৃংখল চলিহাই কয় "ডাম্পাৰ বাদেই, মোৰ  ৰিক্সা কেলেংকাৰীও নাই। ডেৰকোটি টকাৰ এটকাও যদি খোৱাৰ প্ৰমাণ দিব পাৰে শিৱ দৌলৰ সন্মুখত আঁঠু কাঢ়িম। মই দৰকাৰ হ'লে অসম নামৰ মা জনীৰ নামত প্ৰাণ দিম, কিন্তু জাতিৰ নামত  বিশ্বাসঘাটকতা নকৰোঁ।"

ইপিনে শৃংখল চলিহাই  ২০১৮ চনত বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা সম্পাদক পদতহে আছিল যদিও চিতু বৰুৱাই কেন্দ্ৰীয় সমিতিত থকা বুলি কোৱা কথাটো ভুল বুলি মন্তব্য কৰিছে শৃংখল চলিহাই। সংগঠনৰ কেন্দ্ৰীয় সমিতিত ২০১৮ত  নাছিলেই বুলিও  দাবী কৰি শৃংখল চলিহাই চিতু বৰুৱাক একেবাৰে সংগঠনৰ পৰা বহিষ্কাৰ কৰা নাছিল, মাত্ৰ এমাহৰ বাবেহে অব্যাহতি দিয়া হৈছিল বুলি সংবাদমেলত সদৰি কৰে ।

আনহাতে মূল অভিযুক্ত তথা লাচিত সেনাৰ মূখ্য সাংগঠনিক সচিব ৰন্টুপানী ফুকনে নিজৰ স্থিতি গুৱাহাটীত সংবাদমেল যোগে স্পষ্ট কৰিব বুলি সদৰি কৰে শৃংখল চলিহাই। ৰন্টুপানী ফুকন যদি দোষী সাব্যস্ত হয় লাচিত সেনাই তাৰো বিৰোধিতা কৰিব বুলি সংবাদমেলত উল্লেখ কৰে শৃংখল চলিহাই ।

আনহাতে বীৰ লাচিতৰ নামত থকা এটা জাতীয় সংগঠনৰ মজিয়াত এনেধৰণৰ অভিযোগ, প্ৰতি অভিযোগ, বাদ-বিবাদ দেখা দিয়াত সৰ্বসাধাৰণ ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। ধন সংগ্ৰহ কৰা বুলি উল্লেখ থকা অডিঅ, ভিডিঅ' ক্লিপ সমূহ পৰীক্ষা কৰি উচিত তদন্তৰ দাবী জনাইছে সচেতন মহলে।
Published by:Manjumoni Borah
First published: