হায়দৰাবাদ (Hyderabad)ত চাৰিজনীয়া লম্পটৰ এটা দলে এখন বিলাসী মাৰ্চিডিজ গাড়ীত এগৰাকী নাবালিকাক নিৰ্যাতন চলাই দলবদ্ধ ধৰ্ষণ (Minor Gangraped ) কৰাৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে।ঘটনাৰ সৈতে জড়িত চাৰি অভিযুক্তৰ বিৰুদ্ধে আই পি চি (IPC)ৰ ৩৫৪ ধাৰা আৰু POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।
আৰক্ষীৰ সূত্ৰই জনোৱা মতে, ঘটনাটোত এজন বিধায়কৰ পুত্ৰ (MLA Son) জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। অৱশ্যে এতিয়ালৈকে জানিব পৰা হোৱা নাই অভিযুক্তৰ পৰিচয়। খবৰ অনুসৰি, এই অপৰাধত জড়িত সকলো অভিযুক্ত নাবালক।
ছোৱালীজনী পাব (PUB)ৰ পৰা ওলাই যোৱাৰ সময়ত বাটত লগ পোৱা কেইটামান ল’ৰাই তাইৰ ওচৰলৈ আহি তাইক ঘৰলৈ থৈ যোৱাৰ প্ৰস্তাৱ দিছিল। হায়দৰাবাদৰ জুবিলী হিলছত গাড়ী ৰখাই ল’ৰাকেইটাই পাল পাতি ছোৱালীজনীক ধৰ্ষণ (Girl Raped) কৰে। দ্য হিন্দুৰ মতে, এজন আৰক্ষী বিষয়াই কয় যে, “যেতিয়া গাড়ীখন আন্ধাৰৰ মাজত এটা বিচ্ছিন্ন স্থানত ৰৈছিল, তেতিয়া যুৱককেইজনে ইজনৰ পিছত সিজনকৈ তাইক ধৰ্ষণ কৰিছিল।
আৰক্ষীৰ সূত্ৰই জনোৱা মতে, নাবালিকাগৰাকীক দলবদ্ধভাৱে ধৰ্ষণ কৰা মাৰ্চিডিজ বেঞ্জ (Mercedes Benz) গাড়ীখন জব্দ কৰা হৈছে । বাহনখনৰ মালিকক সোধা-পোছা কৰা হৈছে।
যোৱা ২৮ মে’ত সংঘটিত হৈ যোৱা এই দলবদ্ধ ধৰ্ষণৰ গোচৰত চাৰিজন নাবালক (Minor)ৰ বিৰুদ্ধে এজাহাৰ ৰুজু কৰাৰ লগতে চিচিটিভিৰ ফুটেজৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্তক চিনাক্ত কৰাৰ চেষ্টা চলাই আছে। সূত্ৰই জনোৱা মতে, আৰক্ষীয়ে ৮-৯ জন সন্দেহযুক্ত লোকৰ ওপৰত নজৰ ৰাখিছে। অৱশ্যে এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই।
ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে News18ক জনোৱা মতে, সংস্থাটোৱে সংশ্লিষ্ট আৰক্ষী বিষয়াসকলক জাননী প্ৰদান কৰিছে।
ভুক্তভোগী নাবালিকাগৰাকীক চিকিৎসা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু ইয়াৰ লগত আৰক্ষীয়ে IPCৰ ৩৭৬ (Gang Rape)) ধাৰা সংযোজন কৰিছে। পাবত পাৰ্টিত অংশগ্ৰহণ কৰা লোকসকলৰ লগতে তাত কৰ্মৰত লোকসকলকো আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।
Published by: Manjumoni Borah
FIRST PUBLISHED : June 03, 2022, 19:58 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|