নাছিৰ আলীয়ে ঘৰত আহি অতৰ্কিতে তেওঁৰ পত্নী আৰু কন্যাক বিহ খুৱাবলৈ চেষ্টা কৰে।
নাছিৰ আলীয়ে ঘৰত আহি অতৰ্কিতে তেওঁৰ পত্নী আৰু কন্যাক বিহ খুৱাবলৈ চেষ্টা কৰে।
বঙাইগাঁও জিলাৰ দনকিনামাৰীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। নিজ পত্নীক হত্যা কৰি পুতি থোৱাৰ মানসেৰে নাছিৰ আলী(৩৩) নামৰ এজন লোকে ঘৰৰ ভিতৰত খান্দে কবৰ। কিন্তু সমগ্ৰ বিষয় পোহৰলৈ অহাত ৰাইজৰ প্ৰচেষ্টাত সম্প্ৰতি ৰঙাঘৰৰ আলহী পাষাণ স্বামী।
জানিব পৰা মতে, যৌতুকজনিত কাৰণত পত্নীক মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলাই আহিছিল নাছিৰ আলী নামৰ এইজন পাষাণ স্বামীয়ে। উল্লেখ্য যে নাছিৰ আলীয়ে ৬ বছৰ পূৰ্বে একে গাঁওৰে ৰচনাৰা বেগম (২৪) নামৰএগৰাকী ছোৱালীক বিয়া পাতিছিল আৰু বৰ্তমান তেওঁলোকৰ এটি ৫ বছৰীয়া কন্যা সন্তানো আছে (Husband plans to kill wife)।
ৰাতি নাছিৰ আলীয়ে ঘৰত আহি অতৰ্কিতে তেওঁৰ পত্নী আৰু কন্যাক বিহ খুৱাবলৈ চেষ্টা কৰে। ফলত পত্নী ৰচনাৰা বেগমে কণমানি কন্যাক লগত লৈ পলাই গৈ মাকৰ ঘৰত আশ্ৰয় লয়। পিছদিনা ৰাতিপুৱা নাছিৰ আলীয়ে তেওঁৰ পত্নীক ঘৰত আহিবলৈ কয়। কিন্তু পত্নীয়ে ঘৰলৈ উভতি তেওঁৰ মাকক পৰিস্থিতিৰ বুজ ল'বলৈ পঠিয়ায়।
ৰসনাৰাৰ মাতৃয়ে জোঁৱায়েকৰ ঘৰত আহি ঘৰৰ মজিয়াত কবৰ খান্দি থোৱা প্ৰত্যক্ষ কৰে আৰু পোহৰলৈ আহে পত্নীক ঘৰলৈ মাতি পঠিওৱাৰ প্ৰকৃত ৰহস্য। তাৰ পিছতেই অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। পিছত গাঁওৰ ৰাইজৰ সহযোগত ৰচনাৰা বেগমৰ আত্মীয়ই নাছিৰ আলীক আটক কৰি ৰাখি বঙাইগাঁৱৰ আৰক্ষীক (Bongaigaon Police) খবৰ দিয়ে।
পিছত ঘটনাস্থলীত বঙাইগাঁও সদৰ থানাৰ আৰক্ষী উপস্থিত হৈ অভিযুক্ত নাছিৰ আলীক কৰায়ত্ত কৰে। এইক্ষেত্ৰত নাছিৰ আলীক এনে কাণ্ডৰ বিষয়ে জানিব বিচৰাত তেওঁ নিজে আত্মহত্যা কৰাৰ বাবে এই গাঁত খন্দা বুলি কয়।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|