• Home
  • »
  • News
  • »
  • crime
  • »
  • স্বামীয়ে হত্যা কৰি নৈৰ কাষৰ বালিৰ তলত পুতি থৈছিল পত্নীৰ মৃতদেহ, গহপুৰত চাঞ্চল্য

স্বামীয়ে হত্যা কৰি নৈৰ কাষৰ বালিৰ তলত পুতি থৈছিল পত্নীৰ মৃতদেহ, গহপুৰত চাঞ্চল্য

Gohpur Murder Case: বিভিন্ন অপৰাধত জড়িত ৰাজেশ ওৰাঙে যোৱা ৪ বছৰ পূৰ্বে পিতৃকো হত্যা কৰিছিল বুলি স্থানীয় একাংশ লোকে অভিযোগ কৰিছে।

Gohpur Murder Case: বিভিন্ন অপৰাধত জড়িত ৰাজেশ ওৰাঙে যোৱা ৪ বছৰ পূৰ্বে পিতৃকো হত্যা কৰিছিল বুলি স্থানীয় একাংশ লোকে অভিযোগ কৰিছে।

Gohpur Murder Case: বিভিন্ন অপৰাধত জড়িত ৰাজেশ ওৰাঙে যোৱা ৪ বছৰ পূৰ্বে পিতৃকো হত্যা কৰিছিল বুলি স্থানীয় একাংশ লোকে অভিযোগ কৰিছে।

  • Share this:
পাষাণ হৃদয়ৰ এগৰাকী স্বামীৰ দ্বাৰা সংঘটিত এটা লোমহৰ্ষক হত্যা কাণ্ডই জোকাৰি গৈছে সমগ্ৰ গহপুৰ (Gohpur) মহকুমা।মহকুমাটোৰ হেলেম আৰক্ষী থানাৰ টকৌবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত চন্দামাৰী বঙালীত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ডটো।যোৱা মঙলবাৰে নিশা সংঘটিত হত্যাকাণ্ডটোত নিহত হোৱা দময়ন্তী ওৰাঙৰ (২২) মৃতদেহ স্থানীয় গাঁওৰক্ষী বাহিনীৰ সহযোগত হেলেম আৰক্ষীয়ে (Helem Police) আজি পুৱা উদ্ধাৰ কৰাৰ পিছতে সমগ্ৰ ঘটনাটোৰ ৰহস্য ভেদ হৈ পৰে।

হেলেম আৰক্ষীয়ে ইতিমধ্যে হত্যাকাৰী স্বামী ৰাজেশ ওৰাঙক (২৫) গ্ৰেপ্তাৰ কৰি (arrested killer husband) তদন্ত অব্যাহত ৰাখিছে।ঘটনা সংক্ৰান্তত জানিব পৰা মতে, দিন হাজিৰা কৰা শ্ৰমিক ৰাজেশ ওৰাঙে প্ৰতিনিশা সুৰাসক্ত হৈ পত্নী দময়ন্তীৰ লগত কাজিয়াত লিপ্ত হয়।কেতিয়াবা তেওঁলোকৰ কাজিয়াই মাৰপিটলৈ ৰূপান্তৰিত হয়। যোৱা মঙলবাৰে নিশাও দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল।

এইক্ষেত্ৰত ৰাজেশে প্ৰকাশ কৰা অনুসৰি দুয়োৰে মাজত নিশা প্ৰায় ৯-৩০ বজাত সৃষ্টি হোৱা কাজিয়াই এটা সময়ত ভয়ংকৰ ৰূপ লয়। সেইসময়ত তেওঁ পত্নী দময়ন্তীক এখন পিৰাৰে মূৰত প্ৰচণ্ড জোৰে প্ৰহাৰ কৰে।ফলত মূৰৰ পৰা প্ৰচুৰ ৰক্তক্ষৰণ হৈ মজিয়াত ঢলি পৰি মৃত্যু হয় দময়ন্তীৰ।ইয়াৰ পিছত ৰাজেশে পুৱতিনিশা প্ৰায় ৩-৩০ বজাত অকলে দময়ন্তীৰ মৃতদেহটো কান্ধত তুলি নি ওচৰৰে ৰঙাজান নৈৰ পাৰৰ বালিৰ তলত পুতি থৈ আহে।

হঠাতে দময়ন্তী নিখোজ হৈ থকা বিষয়টোক লৈ স্থানীয় ৰাইজৰ মাজত সন্দেহ ঘনীভূত হৈ থকাৰ সময়তে চাৰি দিনৰ পিছত পুতি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ হয় দময়ন্তীৰ মৃতদেহ। আজি পুৱা প্ৰায় ১০ বজাত হেলেম আৰক্ষী থানাৰ আৰক্ষী চক্ৰ পৰিদৰ্শক সোণটি হাজৰিকা, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰেণ গগৈ আৰু উপ-পৰিদৰ্শক ৰূপজ্যোতি গগৈৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো উক্ত স্থানৰ পৰা খান্দি উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে বিহালীলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে।

আৰক্ষীৰ অভিযানকাৰী দলটোৱে ধৃত ৰাজেশ ওৰাঙক উক্ত স্থানলৈ নিয়াৰ পিছত তেওঁ দময়ন্তীক পুতি থোৱা ঠাইডোখৰ দেখুৱাই দিয়াৰ পিছতে উক্ত স্থানৰ  বালিৰ দুফুট তলৰ পৰা উদ্ধাৰ হয় দময়ন্তীৰ মৃতদেহ। দময়ন্তীক পুতি থোৱাৰ স্থান দেখুওৱা সময়ত তেওঁ সংবাদ মাধ্যমৰ আগত দময়ন্তীক হত্যা কৰি উক্ত স্থানত পুতি থোৱাৰ কথা স্বীকাৰ কৰে।

আনহাতে উক্ত হত্যাকাণ্ডটোৰ প্ৰত্যক্ষদৰ্শী চন্দামাৰী বঙালী গাঁৱৰ দীনেশ ওৰাং (১৫) আৰু অৰ্জুন বিশ্বাসে (১৬) ৰাজেশ ওৰাঙে সেইদিনা নিশা পত্নী দময়ন্তীক পিৰাৰে মৰিয়াই মূৰ ফলা তেওঁলোকে দেখা পাইছিল বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।কিন্তু  এই কথা কৈ দিলে তেওঁলোককো ৰাজেশে হত্যা কৰিব বুলি ভাবুকি দিয়াৰ বাবে তেওঁলোকে এই কথা প্ৰকাশ কৰা নাছিল বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ  কৰে।

উল্লেখ্য, বিভিন্ন অপৰাধত জড়িত (Involved in various crimes) ৰাজেশ  ওৰাঙে যোৱা ৪ বছৰৰ আগতে তেওঁৰ পিতৃ টুলু ওৰাঙকো হত্যা কৰিছিল বুলি স্থানীয় একাংশ লোকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। টুলু ওৰাঙৰ হত্যাকাণ্ডৰ আজিলৈকে কোনো আইনী তদন্ত নোহোৱাত তেওঁৰ হত্যাকাণ্ডৰ বিষয়টো আজিলৈকে ৰহস্যৰ মাজতেই সোমাই থাকিল আৰু সাৰি থাকিল ৰাজেশ ওৰাং।

শেহতীয়াভাবে  পত্নীক (Wife Killed by Husband) হত্যা কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা ৰাজেশ ওৰাঙে দৃষ্টাণ্টমূলক শাস্তি পোৱাটো বিচাৰিছে স্থানীয় ৰাইজে।নিহত দময়ন্তী ওৰাং এটি চাৰি বছৰীয়া পুত্ৰ সন্তানৰ মাতৃ আছিল।ঘটনাৰ দিনা তেওঁলোকৰ একমাত্ৰ সন্তানটো কোনো আত্মীয়ৰ ঘৰত আছিল।ইপিনে এই সমগ্ৰ ঘটনাটো পোহৰলৈ অনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা চন্দামাৰী পথাৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক শৰৎ নাগৰ তৎপৰতাক শলাগ লৈছে চুবুৰীয়া ৰাইজে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি