মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»পুত্ৰই চিপ লৈ ওলমি দিয়াৰ পিছতে বোৱাৰীক লঠিয়াই–গুৰিয়াই ডিঙি ৰেপি হত্যা শহুৰেকৰ, CCTVত বন্দী লোমহৰ্ষক হত্যাকাণ্ড

পুত্ৰই চিপ লৈ ওলমি দিয়াৰ পিছতে বোৱাৰীক লঠিয়াই–গুৰিয়াই ডিঙি ৰেপি হত্যা শহুৰেকৰ, CCTVত বন্দী লোমহৰ্ষক হত্যাকাণ্ড

News18 Assam | News18-Assam
Updated:October 13, 2021, 8:39 PM IST
পুত্ৰই চিপ লৈ ওলমি দিয়াৰ পিছতে বোৱাৰীক লঠিয়াই–গুৰিয়াই ডিঙি ৰেপি হত্যা শহুৰেকৰ, CCTVত বন্দী লোমহৰ্ষক হত্যাকাণ্ড
পুত্ৰক অফিচত মৃত অৱস্থাত প্ৰত্যক্ষ কৰি খঙত একো নাই হৈ পৰিছিল ৰাম কিষাণ। লগে লগে বোৱাৰীয়েকক চোকা কটাৰীৰে আক্ৰমণ কৰি হত্যা কৰে ৰাম কিষাণে।

পুত্ৰক অফিচত মৃত অৱস্থাত প্ৰত্যক্ষ কৰি খঙত একো নাই হৈ পৰিছিল ৰাম কিষাণ। লগে লগে বোৱাৰীয়েকক চোকা কটাৰীৰে আক্ৰমণ কৰি হত্যা কৰে ৰাম কিষাণে।

  • Share this:
Meerut: উত্তৰ প্ৰদেশৰ মীৰাটত সংঘটিত হৈছে এক গাৰ নোম শিঁয়ৰি উঠা অপৰাধ। ৰাম কিষাণ নামৰ এজন ব্যক্তিয়ে নিজৰ বোৱাৰীয়েকক ডিঙি ৰেপি হত্যা কৰে। পুত্ৰই অফিচত চিপ লৈ ওলমি দিয়াৰ পিছতে ব্যক্তিজনে খঙৰ ভমকত এই কাণ্ড সংঘটিত কৰে। যোৱা ৪ অক্টোবৰত ব্যক্তিজনৰ পুত্ৰ অমিত বান্সাল যি পেছাত এজন ইণ্টেৰিয়ৰ ডিজাইনাৰ আছিল তেওঁ হতাশাগ্ৰস্ততাত ভুগি চিপ লৈছিল।

পুত্ৰৰ মৃত্যুৱে বলীয়াৰ দৰে কৰি পেলোৱা ৰাম কিষাণে পুত্ৰৰ অফিচতে বোৱাৰীয়েকক এখন চোকা কটাৰীৰে আক্ৰমণ কৰি ৰেপি ৰেপি হত্যা কৰে।

এই সমগ্ৰ ঘটনা অফিচৰ CCTV কেমেৰাত আৱদ্ধ হয়। যোৱা ৪ অক্টোবৰত বোৱাৰীয়েক পিংকীয়ে স্বামী অমিত বান্সালক ফোন কৰিও পোৱা নাছিল। তাৰ পিছতে বোৱাৰীয়েক অফিচত উপস্থিত হৈ অমিতৰ মৃতদেহ ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে। একে সময়তে পিংকীৰ শহুৰেকো অফিচত উপস্থিত হৈ এই কাণ্ড প্ৰত্যক্ষ কৰে আৰু হতাশ হৈ পৰে।

খঙৰ ভমকত ৰাম কিষাণে বোৱাৰীয়েকক ঠেলা মাৰি মাটিত পেলাই দিয়ে আৰু অফিচৰ টেবুলত থকা কটাৰী এখনেৰে আক্ৰমণ কৰে। নৌচান্দি আৰক্ষী থানাৰ পৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হওঁতে ৰাম কিষাণে বোৱাৰীয়েকক হাস্পতাললৈ নিবলৈ দিয়া নাছিল। পৰৱৰ্তী সময়ত বোৱাৰীয়েকক মীৰাট মেডিকেল কলেজ ভৰ্তি কৰোৱা হয় আৰু তাৰ পিছত ৰেফাৰ অনুসৰি নয়দাৰ এখন হাস্পতাললৈ তেওঁক নিয়া হয়।

দেওবাৰে নয়দাৰ জে পি হাস্পতালত পিংকীয়ে মৃত্যুৰে যুঁজি হাৰ মানে। ৰাম কিষাণক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি হত্যাৰ গোচৰ ৰুজু কৰিছে।

গাজিয়াবাদৰ পিংকীৰ অন্তিম সৎকাৰ নিজৰ গৃহ জিলাতে কৰোৱা হয়। দুৰ্ভগীয়া দম্পত্তিৰ এজনী ৮মহীয়া কন্যা সন্তানো আছে।

অভিযুক্ত শহুৰেকৰ মতে তেওঁৰ পুত্ৰ আৰু বোৱাৰীয়ে যোৱা তিনি মাহৰ পৰা তৰ্কাতৰ্কিত লিপ্ত হৈ থাকিছিল। ইয়াৰ ফলতে উদ্বিগ্নতাত ভুগিছিল অমিতে। জানিব পৰা মতে অমিতে প্ৰেম বিবাহ কৰিব খুজিছিল কিন্তু পিতৃ ৰাম কিষাণে জোৰ–জুলুমকৈ পিংকীৰ সৈতে তেওঁৰ বিবাহ কৰাই দিছিল। যৌতুকত এখন মাৰ্চিডিজ গাড়ী আনিছিল পিংকীয়ে।
First published: October 13, 2021, 8:39 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি