உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • Sonari Murder Case: সোণাৰিৰ চুঙী-লুখুৰাখনত নৃশংস হত্যাকাণ্ড, স্বামীৰ মাৰত মৃত্যু পত্নীৰ

    Sonari Murder Case: সোণাৰিৰ চুঙী-লুখুৰাখনত নৃশংস হত্যাকাণ্ড, স্বামীৰ মাৰত মৃত্যু পত্নীৰ

    পিতৃৰ অত্যাচাৰ সহিব নোৱাৰি কৰ্মসূত্ৰে পুত্ৰ-বোৱাৰীও থাকে ঘৰৰ বাহিৰত

    পিতৃৰ অত্যাচাৰ সহিব নোৱাৰি কৰ্মসূত্ৰে পুত্ৰ-বোৱাৰীও থাকে ঘৰৰ বাহিৰত

    পিতৃৰ অত্যাচাৰ সহিব নোৱাৰি কৰ্মসূত্ৰে পুত্ৰ-বোৱাৰীও থাকে ঘৰৰ বাহিৰত

    • Share this:
    চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত চুঙী-লুখুৰাখনত এক নৃশংস হত্যাকাণ্ড সংঘটিত হয়। জানিব পৰা মতে, সোণাৰি আৰক্ষী থানাৰ (Sonari police station) অন্তৰ্গত চুঙী-লুখুৰাখন গাঁৱৰ গুণ দেউঘৰীয়াই (৫৫) পত্নী পুতুলী দেউঘৰীয়াক (৫০) অতি নৃশংসভাৱে হত্যা কৰে। পৰিয়ালৰ সূত্ৰে জনোৱা মতে, হত্যাকাৰী গুণ দেউঘৰীয়াই বিভিন্ন সময়ত পৰিয়ালৰ লগতে চুবুৰীয়া আন লোককো বিভিন্ন অশ্লীল গালি পাৰি অতিষ্ঠ কৰি তোলা লগতে কালি ঘৰত কোনো লোক নথকাৰ সুযোগ গ্ৰহণ কৰি অত্যধিক মাৰপিট কৰাত আজি পুৱাতে পুতুলী দেউঘৰীয়াই মৃত্যুক সাৱটি লয় (Husband brutally killed wife)।

    ইফালে পিতৃৰ অত্যাচাৰ সহিব নোৱাৰি কৰ্মসূত্ৰে পুত্ৰ-বোৱাৰীও ঘৰৰ বাহিৰত থাকিবলগীয়া হৈছে বুলি কয়। উক্ত হত্যাকাণ্ড হোৱাৰ পিছতে অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হয়। স্থানীয় গাঁওৰক্ষী বাহিনীয়ে আৰক্ষীক খবৰ দিয়াত হত্যাকাৰী গুণ দেউঘৰীয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষা বাবে জয়সাগৰস্থিত অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনহাতে হত্যাকাৰী গুণ দেউঘৰীয়াক উচিত শাস্তি বিহাৰ বাবে স্থানীয় লোকৰ লগতে পুতুলী দেউঘৰীয়াৰ পৰিয়ালে আৰক্ষী ওচৰত এজাহাৰ দাখিল কৰিছে।
    Published by:Gautam Barman
    First published: