মহানগৰীত পুনৰ সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ ঘটনা। স্বামীৰ দাৰে ঘাপত গুৰুতৰ ভাবে আহত এগৰাকী মহিলা। এই শিহৰণকাৰী ঘটনাটো সংঘটিত হৈছে মহানগৰীৰ সাতগাঁও থানাৰ অন্তৰ্গত আমচিং যোৰাবাটত।
উলেখ্য যে আমচিং যোৰাবাটৰ বাসিন্দা মহিবুৰ ৰহমানে হাফিজা বেগম নামৰ যুৱতী গৰাকীক ছয় বছৰ পূৰ্বে সামাজিকভাৱে বিয়া পাতে। বিয়াৰ পিছৰে পৰা যৌতুক বিচাৰি স্বামী মহিবুৰ ৰহমানে পত্নী হাফিজাক অকথ্য নিৰ্যাতন চলাবলৈ আৰম্ভ কৰে। আনকি ঘৰত কোনো ধৰণৰ খাদ্য সামগ্ৰী যোগান নধৰাকৈ স্বামীয়ে চাৰি-পাঁচ মাহলৈ অজ্ঞাত স্থানলৈ গুচি যায়। ফলত হাফিজা বেগমে আনৰ ঘৰত কাম কৰি দুটি সন্তানক পোহপাল দিব লগা হয়।
বিগত চাৰি মাহৰ মূৰত স্বামী মহিবুৰ ৰহমান বুধবাৰে ঘৰলৈ আহিছিল। ঘৰত খাবালৈ একো নাই বুলি কৈ পত্নী হাফিজা বেগমে স্বামীক খাদ্য সামগ্ৰী আনিবলৈ কয়। ইয়াতে ক্ষুণ্ণ হৈ স্বামী মহিবুৰে দা লৈ পত্নীৰ মূৰ আৰু ভৰিত আঘাত কৰে। ফলত পত্নী হাফিজা গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয়। মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়া ঘটনাস্থলীত উপস্থিত হয়। স্থানীয় ৰাইজে তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত মহিলাগৰাকীক মাটিত পৰি থকা প্ৰত্যক্ষ কৰে। ৰাইজে আৰক্ষীৰ সহযোগত আঘাতপ্ৰাপ্ত মহিলা গৰাকীক উদ্ধাৰ কৰি GMCH ত ভৰ্তি কৰায়।
ইপিনে ঘটনাৰ পিছতে মহিবুৰে পলায়ন কৰে। ঘটনাসন্দৰ্ভত মহিলাগৰাকীয়ে সাতগাঁও থানাত দাখিল কৰে এজাহাৰ। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে যদিও পলাতক স্বামীক গ্ৰেপ্তাৰ কৰিব পৰা নাই।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|