உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • Rangjuli: ৰংজুলিত উদ্ধাৰ নৰকংকাল, ত্ৰিকোণ প্ৰেমৰ জিঘাংসাৰ বলি প্ৰেমিক

    Rangjuli: ৰংজুলিত উদ্ধাৰ নৰকংকাল, ত্ৰিকোণ প্ৰেমৰ জিঘাংসাৰ বলি প্ৰেমিক

    এজাহাৰৰ ভিত্তিত দীৰ্ঘদিন ধৰি চলা অভিযানৰ অন্তত আজি নিৰুদ্দেশ হোৱা যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে ৰংজুলি আৰক্ষীয়ে ৷

    এজাহাৰৰ ভিত্তিত দীৰ্ঘদিন ধৰি চলা অভিযানৰ অন্তত আজি নিৰুদ্দেশ হোৱা যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে ৰংজুলি আৰক্ষীয়ে ৷

    এজাহাৰৰ ভিত্তিত দীৰ্ঘদিন ধৰি চলা অভিযানৰ অন্তত আজি নিৰুদ্দেশ হোৱা যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে ৰংজুলি আৰক্ষীয়ে ৷

    • Share this:
    ৰংজুলিত নিৰুদ্দিষ্ট যুৱকৰ হত্যাকাণ্ডৰ ২৭ দিনত কংকাল উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ আজি ৰংজুলি থানাৰ অন্তৰ্গত টিপলাইলৈ যোৱা পথৰ সমীপত তথা ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষৰ শালনিঝাৰত উদ্ধাৰ কৰা হয় এগৰাকী যুৱকৰ মৃতদেহৰ অৱশেষ তথা কংকাল ৷

    উদ্ধাৰ হোৱা নৰকংকালটো দৰংগিৰিৰ খেৰোপাৰাৰ মণিৰুল ইছলামৰ বুলি জানিব পৰা গৈছে। উল্লেখ্য যে যোৱা ২৯ মাৰ্চৰ পৰা খেৰোপাৰা গাঁৱৰ নিজ ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছিল মনিৰুল ইছলাম নামৰ এজন যুৱক ৷ মনিৰুল ইছলাম নামৰ যুৱকজন নিৰুদ্দেশৰ পিছতে পৰিয়ালৰ লোকে ৰংজুলি থানাত এজাহাৰ দাখিল কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত ইবাদুল হুছেইন নামৰ এজন যুৱকক কৰায়ত্ত কৰে আৰক্ষীয়ে।

    এজাহাৰৰ ভিত্তিত দীৰ্ঘদিন ধৰি চলা অভিযানৰ অন্তত আজি নিৰুদ্দেশ হোৱা যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে ৰংজুলি আৰক্ষীয়ে ৷ প্ৰেমজনিত কাৰণ তথা ত্ৰিকোণীয় প্ৰেমৰ পৰিণতিতে হত্যাকাণ্ড সংঘটিত হোৱাৰ কথা উল্লেখ কৰিছে আৰক্ষীৰ লগতে স্থানীয় ৰাইজে।

    আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা ইবাদুল হুছেইন নামৰ যুৱকজনৰ প্ৰেয়সীৰ সৈতে মনিৰুল ইছলামৰ আছিল প্ৰেমৰ সম্পৰ্ক। মনিৰুলৰ প্ৰেমৰ সম্পৰ্ক থকা যুৱতীগৰাকীৰ সৈতে বিবাহ ঠিক হৈছিল ইবাদুলৰ। হ’ব লগা পত্নী আৰু মণিৰুলৰ মাজত চলি থকা প্ৰেমৰ কথা জানিব পাৰি ইবাদুলে অতি সুপৰিকল্পিতভাৱে প্ৰেমিকাৰ হতুৱাই মণিৰুলক ফোন কৰি ২৯ মাৰ্চৰ নিশা মাতি নিয়ে আৰু তাতেই যুৱকজনক হত্যা কৰে।

    হত্যাৰ পিছতে এখন বস্তাত মৃতদেহ ভৰাই ৰংজুলিৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কিছু নিলগত থকা ঘন জংঘলত পেলাই দিয়ে ৷ ইফালে আৰক্ষীৰ ধাৰাবাহিক অনুসন্ধানত প্ৰথমে ইবাদুল আৰু প্ৰেয়সীক সোধা-পোছাৰ বাবে আটক কৰে আৰু ইবাদুলৰ স্বীকাৰোক্তিৰ ভিত্তিত মণিৰুলৰ মৃতদেহ তথা কংকাল উদ্ধাৰ কৰিবলৈ আৰক্ষীয়ে সক্ষম হৈছে ৷

    ঘটনাস্থলীত গোৱালপাৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকা আৰু উপ আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মা উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতিত কংকাল উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰে ৷ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে হত্যাকাণ্ডৰ লগত আন কোনোবা জড়িত থাকিব পাৰে বুলি তদন্ত পুনৰ আৰম্ভ কৰিছে আৰক্ষীয়ে ৷
    Published by:Gautam Barman
    First published: