உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • Timber Seized : বঙাইগাঁৱত চোৰাং কাঠ ভৰ্তি বাহন দুৰ্ঘটনাগ্ৰস্ত, জব্দ লক্ষাধিক টকাৰ চোৰাং কাঠ

    Timber Seized : বঙাইগাঁৱত চোৰাং কাঠ ভৰ্তি বাহন দুৰ্ঘটনাগ্ৰস্ত, জব্দ লক্ষাধিক টকাৰ চোৰাং কাঠ

    বঙাইগাঁৱত চোৰাং কাঠ জব্দ

    বঙাইগাঁৱত চোৰাং কাঠ জব্দ

    ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে চোৰাং কাঠ কঢ়িয়াই নিয়া AS-17-B-3736 নম্বৰৰ টাটা মোবাইল বাহন এখন চাপৰাকাটাত দুৰ্ঘটনাগ্ৰস্ত হয়।

    • Share this:


    বঙাইগাঁৱত নিশা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে চোৰাং কাঠ কঢ়িয়াই নিয়া AS-17-B-3736 নম্বৰৰ টাটা মোবাইল বাহন এখন চাপৰাকাটাত দুৰ্ঘটনাগ্ৰস্ত হয়। পিছত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ চোৰাং কাঠসহ বাহনখন জব্দ কৰে ৷ নিশা চোৰাং কাঠ ভৰ্তি বাহনখন দুৰ্ঘটনাগ্ৰস্ত হৈ পথৰ দাতিত থকা খাৱৈত পৰি যায়।

    ইফালে চোৰাং কাঠ ভৰ্তি বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বাতৰি পোৱাৰ পিছতো লক্ষ্যণীয়ভাৱে বন বিভাগৰ কোনো লোক ঘটনাস্থলীত উপস্থিত নহ’ল বুলি অভিযোগ কৰিছে স্থানীয় লোকে ৷ বন বিভাগৰ নিৰ্লিপ্ততাৰ বাবে ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলৰ পৰা ব্যাপক হাৰত ৰাষ্ট্ৰীয় ঘাইপথৰে চোৰাং কাঠৰ সৰবৰাহ অব্যাহত আছে ৷
    Published by:Manjumoni Borah
    First published: