দৰং জিলাত বাৰ্মিজ চুপাৰি ছিণ্ডিকেটৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । খাৰুপেটীয়াৰ পৰা ৩ জন আটক। বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ।

News18 Assam | News18-Assam
Updated:May 29, 2021, 10:28 AM IST
দৰং জিলাত বাৰ্মিজ চুপাৰি ছিণ্ডিকেটৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । খাৰুপেটীয়াৰ পৰা ৩ জন আটক।  বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ।
মুঠ ছয় হাজাৰ তিনিশ দহ (৬৩১০) কিলোগ্ৰাম অবৈধ  বাৰ্মিজ চুপাৰি জব্দ । বাৰ্মিজ চুপাৰি খিনিৰ বজাৰ মূল্য ২৫ লক্ষাধিক টকা।

  • Share this:
দৰং জিলাৰ চুপাৰি ছিণ্ডিকেটৰ বিৰুদ্ধে আৰক্ষীৰ সফল অভিযান। গোপন সূত্ৰৰ পম খেদি দৰং জিলা আৰক্ষীয়ে চুপাৰি ছিণ্ডিকেটত জড়িত খাৰুপেটীয়াৰ ২ নং ৱাৰ্ডৰ আব্দুল হাকিম, গোপাল নগৰৰ শংকৰ সাহা আৰু জয়ন্তী নগৰৰ পৰা প্ৰকাশ সাহা নামৰ তিনি অভিযুক্তক আটক কৰিছে।

তিনি সৰবৰাহকাৰীৰ পৰা মুঠ ছয় হাজাৰ তিনিশ দহ (৬৩১০) কিলোগ্ৰাম অবৈধ  বাৰ্মিজ চুপাৰি জব্দ কৰে। বাৰ্মিজ চুপাৰি খিনিৰ বজাৰ মূল্য ২৫ লক্ষাধিক টকা হ'ব  বুলি জনাইছে।

এক গোপন সূত্ৰৰ পম খেদি দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ নিৰ্দেশক্ৰমে উপ আৰক্ষী অধীক্ষক মামণি হাজৰিকাই খাৰুপেটীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিজিত কাকতি আৰু মানবেন্দ্ৰ দাসৰ সহযোগত অভিযান চলায়। বাৰ্মিজ চুপাৰিখিনি শিলচৰৰ পৰা অনা হৈছিল বুলি আৰক্ষীয়ে জনাইছে।

Published by: Manjumoni Borah
First published: May 29, 2021, 10:27 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি