• Home
  • »
  • News
  • »
  • crime
  • »
  • বৰপেটা জিলাৰ হাউলীত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

বৰপেটা জিলাৰ হাউলীত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

লাল চান আলীয়ে দীৰ্ঘদিন  হাউলীৰ মিলন বজাৰকে আদি কৰি বিভিন্ন অঞ্চলত ড্ৰাগছ বিক্ৰী কৰি অহাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে।

  • Share this:
বৰপেটা জিলাৰ হাউলীত আৰক্ষীৰ আভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ। হাউলীৰ মিলন বজাৰত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ড্ৰাগছ। আৰক্ষীৰ এই অভিযানত  লাল চান আলী নামৰ ড্ৰাগছ ব্যৱসায়ী এজনক আটক কৰে।

লাল চানৰ ঘৰ হাউলীৰ কঠলিঝাৰত। লাল চানৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ২০টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ। উদ্ধাৰ হোৱা ড্ৰাগছখিনিৰ ওজন ২৭.৩৬ গ্ৰাম। লাল চান আলীয়ে দীৰ্ঘদিন  হাউলীৰ মিলন বজাৰকে আদি কৰি বিভিন্ন অঞ্চলত ড্ৰাগছ বিক্ৰী কৰি অহাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে।

আজি ড্ৰাগছসহ লাল চান আলীক আটক কৰিবলৈ সক্ষম হয় বৰপেটা আৰক্ষী ৷ হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গোপাল বৰাৰ নেতৃত্বত জব্দ কৰে ড্ৰাগছখিনি। লগতে বাজেয়াপ্ত এখন ই–ৰিক্সা আৰু এটা মোবাইল ফোন ৷
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি