মহানগৰীত দৈনিক বৃদ্ধি পাবলৈ ধৰিছে নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা। ড্ৰাগছৰ দৰে নিচাজাতীয় সামগ্ৰীৰ ঘাটিত পৰিণত হোৱাৰ দিশে মহানগৰ। প্ৰত্যেক দিনাই বিভিন্ন ঠাইৰ পৰা ড্ৰাগছ সৰবৰাহকাৰীক ধৰিবলৈ সক্ষম হৈছে মহানগৰ আৰক্ষী।
নিশা মহানগৰীৰ ঘোঁৰামৰাত আৰক্ষীয়ে জব্দ কৰে প্ৰায় ৪০ লাখ টকাৰ ড্ৰাগছ। মধ্য আৰক্ষী জিলাৰ ADCP কল্যাণ পাঠকৰ নেতৃত্বত অভিযান চলাই সুৰুজমুখী পথৰ হাউছ নম্বৰ ৩১(A)ৰ পৰা জব্দ কৰা হয় বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি। বাথৰুমৰ পৰা এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি উদ্ধাৰ কৰা হয়।
অভিযানৰ সময়ছোৱাত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে। সৰবৰাহকাৰীকেইজন ক্ৰমে মিল্টন চক্ৰৱৰ্তী (শ্বিলং), দীপাংকৰ ৰয় (পথাৰকান্দি), অভি দাস। সৰবৰাহকাৰীকেইজনৰ ভিতৰত মিল্টন চক্ৰৱৰ্তী নামৰ যুৱকজনক পূৰ্বেও গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।
Published by: Gautam Barman
FIRST PUBLISHED : January 04, 2023, 21:00 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।