নিশা চলা এই অভিযানত ৪৯০ বস্তা বাৰ্মীজ চুপাৰি জব্দ কৰে আৰক্ষীয়ে । লগতে চুপাৰি মজুত কৰি থোৱা গুদামটোও ছিল কৰে আৰক্ষীয়ে ।
নিশা চলা এই অভিযানত ৪৯০ বস্তা বাৰ্মীজ চুপাৰি জব্দ কৰে আৰক্ষীয়ে । লগতে চুপাৰি মজুত কৰি থোৱা গুদামটোও ছিল কৰে আৰক্ষীয়ে ।
ৰাজ্যৰ দুই মন্ত্ৰী চুপাৰি আৰু কয়লা ব্যবসায়ৰ বাবে SOP সাজু কৰিবলৈ বৰাক উপত্যকাত বাহৰ পাতি থকা সময়তে হাইলাকান্দিত চুপাৰি ব্যবসায়ীৰ বিৰুদ্ধে চলিল আৰক্ষীৰ অভিযান । শুকুৰবাৰে নিশা হাইলাকান্দি জিলাৰ লালা এলেকাত চলে আৰক্ষীৰ এই অভিযান । অভিযানত লালা বজাৰৰ চন্দ্ৰপুৰ গাঁৱত থকা এটা সন্দেহজনক বাৰ্মীজ চুপাৰিৰ গুদামত অভিযান চলায় লালা আৰক্ষীয়ে । নিশা চলা এই অভিযানত ৪৯০ বস্তা বাৰ্মীজ চুপাৰি জব্দ কৰে আৰক্ষীয়ে । লগতে চুপাৰি মজুত কৰি থোৱা গুদামটোও ছিল কৰে আৰক্ষীয়ে ।
বৃহৎ পৰিমাণৰ অবৈধ ভাবে আমদানিকৃত চুপাৰি মজুত থকা এই গুদামৰ গৰাকী কমৰুল ইসলাম মজুমদাৰ নামৰ স্থানীয় এক ব্যবসায়ী বুলি জানিব দিছে আৰক্ষীয়ে । ইতিমধ্যে লালা আৰক্ষীয়ে কমৰুল ইসলাম মজুমদাৰৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|