গুৱাহাটী ৰে'লৱে ষ্টেচনত জব্দ হৈছে বৃহৎ পৰিমাণৰ ভাং। প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে নিশা পল্টন বজাৰ ষ্টেচনৰ ৰে'লৱে পুলিচ ফ'ৰ্চে চলোৱা এক বিশেষ অভিযানত ৮ কেজি ৪০০ গ্ৰাম ওজনৰ ভাং জব্দ হয়। এক গোপন তথ্যৰ ভিত্তিত ৰে'লৱে পুলিচে আগৰতলা-দেওঘৰ ট্ৰেইনৰ অভিযান চলাই এই ভাংখিনি জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে তিনিগৰাকী মহিলাই উক্ত ৰে'লখনেৰে কঢ়িয়াই আনিছিল ভাংখিনি।
জব্দকৃত ভাংখিনিৰ বজাৰ মূল্য এক লাখৰো অধিক বুলি জানিব পৰা গৈছে। ভাংখিনি কঢ়িয়াই অনা তিনিওগৰাকী মহিলাকে ৰে'লৱে পুলিচে ইতিমধ্যে আটক কৰিছে। আটকাধীন মহিলাকেইগৰাকী ক্ৰমে কিৰণ দেৱী, সুনীতা দেৱী আৰু অৰ্পিতা দেৱী। ইয়াৰে সুনীতা দেৱীৰ ঘৰ বিহাৰৰ বৈশালীত হোৱাৰ বিপৰীতে কিৰণ দেৱী আৰু অৰ্পিতা দেৱীৰ ঘৰ বিহাৰৰ মুজাফ্ফৰপুৰত।
জানিব পৰা মতে, আগৰতলাৰ পৰা বিহাৰলৈ অতি গোপনে নি থকা হৈছিল ভাংখিনি। আটকাধীন তিনিগৰাকী মহিলাৰ বিৰুদ্ধে ৰে'লৱে পুলিচ ফৰ্চে NDPS আইনৰ অধীনত এক গোচৰ ৰুজু কৰিছে। এই সংক্ৰান্তত ৰে'লৱে পুলিচে মহিলাকেইগৰাকীক জেৰা অব্যাহত ৰাখিছে। ৰে'লৱে পুলিচ ফ'ৰ্চৰ সোধা-পোছাত আৰু অধিক তথ্য পোহৰলৈ সম্ভাৱনা আছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।