কামাখ্যাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত আৰক্ষী আৰু বন বিভাগৰ যুটীয়া অভিযান। এই অভিযানত বুজন সংখ্যক বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগ জব্দ কৰে আৰক্ষীয়ে। বাঘৰ নখ, শৃগালৰ খুলিৰ হাড়, শৃগালৰ স্পাইক, মনিটৰ লিজাৰ্ডৰ জননাংগ, হৰিণৰ এন্টলাৰ, সাগৰীয় কাউৰী, শৃগালৰ দাঁত ইত্যাদি বহুতো সামগ্ৰী জব্দ হৈছে।
উল্লেখ্য যে, এই ঘটনা সন্দৰ্ভত দুজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ৰ অধীনত দুয়ো অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত লোক দুজন ক্ৰমে সন্তোষ কুমাৰ গুপ্তা, সঙ্গীত গুপ্তা আৰু দুয়োৰে ঘৰ বিহাৰত বুলি জানিব পৰা গৈছে।
ইতিমধ্যে এই সন্দৰ্ভত আৰক্ষী তথা বন বিভাগৰ তদন্ত আৰম্ভ হৈছে। বিশেষ সূত্ৰৰ তথ্যৰ ভিত্তিত কামাখ্যা আউট পোষ্ট, বন বিভাগৰ খনামুখ বীট কাৰ্যালয়ে অভিযানটো চলাইছিল।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|